
কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদ (KAAC)ৰ তথ্য আৰু জনসংযোগ বিভাগ (Information and Public Relations Department)ৰ কাৰ্যবাহী সদস্য (EM) মধুৰাম লেখথে (Madhuram Lekthe)ই আজি ডিফুত অৱস্থিত তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত (Review meeting) বিভাগটোৰ কাৰ্যকলাপৰ বিস্তৃত পৰ্যালোচনা কৰে ।
বিষয়া-কৰ্মচাৰীসকলক সম্বোধন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, চিইএম ড° তুলিৰাম ৰংহাঙে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক এক উন্নত, সমৃদ্ধিশালী আৰু প্ৰগতিশীল অঞ্চল হিচাপে গঢ়ি তোলাৰ যি দৃষ্টিভংগী গ্ৰহণ কৰিছে, সেই লক্ষ্য বাস্তৱায়নত তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে, পৰিষদৰ উন্নয়নমূলক পদক্ষেপ, জনকল্যাণমূলক আঁচনি, নীতি আৰু সাফল্যসমূহ সময়োপযোগী আৰু ফলপ্ৰসূভাৱে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো বিভাগটোৰ অন্যতম মুখ্য দায়িত্ব।
তেওঁ লগতে কয় যে, পৰিষদৰ উন্নয়নমূলক কাৰ্যসূচীসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ বাবে ছপা, ইলেক্ট্ৰনিক আৰু ডিজিটেল মাধ্যমৰ অধিক ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব, যাতে সাধাৰণ ৰাইজে চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীৰ পূৰ্ণ সুবিধা লাভ কৰিব পাৰে।

যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি লেখথে সকলো সদৰ কাৰ্যালয়ত স্থায়ী অনুভাষ যন্ত্ৰ (এফ এল এছ) ব্যৱস্থা স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে, যাতে চৰকাৰৰ গুৰুত্বপূৰ্ণ বাৰ্তা, জনসচেতনতামূলক ঘোষণা আৰু জৰুৰী তথ্য দ্ৰুতভাৱে জনসাধাৰণৰ ওচৰলৈ প্ৰেৰণ কৰিব পৰা যায়।
পৰ্যালোচনাৰ সময়ত কাৰ্যবাহী সদস্যগৰাকীয়ে ছপা মাধ্যমত চৰকাৰী বিজ্ঞাপন প্ৰদানৰ ক্ষেত্ৰত এক সুস্পষ্ট মানক কাৰ্যপদ্ধতি (এছ অ’ পি) প্ৰস্তুত প্ৰস্তুত কৰি ব্যৱস্থাটোক অধিক সুশৃংখল কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শাসন ব্যৱস্থা, জনকল্যাণমূলক কাৰ্যসূচী আৰু পৰিষদৰ উন্নয়নমূলক সাফল্যসমূহ সম্পৰ্কে দায়িত্বশীল আৰু গঠনমূলক সংবাদ পৰিৱেশনক উৎসাহিত কৰাৰ স্বাৰ্থত উন্নয়নমূলক সাংবাদিকতাক স্বীকৃতি আৰু প্ৰোৎসাহন জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।
তেওঁ বিভাগটোৰ লক্ষ্য সফলভাৱে বাস্তৱায়নৰ বাবে বিভাগীয় কাৰ্যালয়সমূহৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যাতে বিভাগটোৱে অধিক সুচাৰুৰূপে আৰু দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে।
ইয়াৰ পূৰ্বে, তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক জাহিদ আহমেদ তাপাদাৰে বিভাগটোৰ উদ্দেশ্য, দৃষ্টিভংগী, লক্ষ্য, চলি থকা কাৰ্যকলাপ আৰু চৰকাৰী জনসংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা কেইবাটাও নতুন আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ বিষয়ে কাৰ্যবাহী সদস্যগৰাকীক অৱগত কৰে। এই উপলক্ষে তেওঁ নিজে ৰচনা কৰা কেইবাখনো গ্ৰন্থও কাৰ্যবাহী সদস্যগৰাকীক উপহাৰ হিচাপে প্ৰদান কৰে।
বৈঠকত বিভাগটোৰ বিষয়ববীয়া-কৰ্মচাৰীসকলৰ উপৰিও Samphri Kimi-ৰ সম্পাদক কিৰি ৰংহাঙো উপস্থিত আছিল। উল্লেখ্য যে, ২৬ জুনত তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়াই আছিল মধুৰাম লেখথেৰ প্ৰথম বিভাগীয় পৰ্যালোচনা বৈঠক।













