
শেহতীয়াকৈ সমগ্ৰ ইউৰোপত সৃষ্টি হোৱা গ্ৰীষ্মপ্ৰবাহে স্পেইনত বিধ্বংসী প্ৰভাৱ পেলাইছে। বিগত এমাহত দেশখনত এক হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই তথ্য বুধবাৰে স্পেইন চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰে।

স্পেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, জুন মাহত অত্যধিক গৰমৰ বাবে ১,০২৮ জন লোকৰ মৃত্যু হৈছে। পূৰ্বতে এনে মৃত্যুৰ সংখ্যা ২০১৭ চনৰ জুন মাহত দেখা গৈছিল।
চৰকাৰী তথ্য অনুসৰি, গৰমৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১,০২২ জন লোকৰ বয়স আছিল ৬৫ বছৰ বা ততোধিক। ইয়াৰে ৭২০ জন ৮৫ বছৰৰ ওপৰৰ। স্পেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ১৫ বছৰৰ তলৰ মাত্ৰ এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ভূমধ্যসাগৰীয় আৰু উত্তৰ অঞ্চলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে।
দেশখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকল দীৰ্ঘদিনীয়া গ্ৰীষ্মপ্ৰবাহত অভ্যস্ত নহয়। অঞ্চল অনুসৰি সৰ্বাধিক মৃত্যুৰ সংখ্যা আছিল কেটালনিয়াত ২১৮ জন। উল্লেখ্য যে স্পেইনে ২০১৫ চনৰ পৰা গৰমৰ ফলত হোৱা মৃত্যুৰ তথ্য ৰাখিবলৈ আৰম্ভ কৰে।












