ASSAM TIMES POST
ডিফু, ২৮ ফেব্ৰুৱাৰী: আজি পাহাৰীয়া কাৰবি আংলঙত জিলাখনৰ পিতৃপুৰুষ প্ৰয়াৎ ছেমছনছিং ইংতিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু জিলা আৰু মহকুমাৰ সদৰস্থানত স্থিত ছেমছনছিং ইংতিৰ প্ৰাতিকৃতি আৰু প্ৰতিমূক্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ এইলৈ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো প্ৰয়াত ছেমছনছিং ইংতিৰ নতুন আৰু পুৰণি উদ্যানত ছেমছনছিং ইংতিৰ প্ৰতিমূৰ্তিত গুণমুগ্ধৰ লগতে সাংবাদিক সকলেও পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷
কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা ক্ৰমে, কাহৰণ পাঠ, গীতা পাঠ, কোৰাণ পাঠ, বাইবেল পাঠ, গুৰুনানকৰ গ্ৰন্থ চাহিব পাঠ, কীৰ্তন পাঠ, আৰু লখিমন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মিউজিক ৰিচাৰছ ইনষ্টিটিউটৰ জৰিয়তে সমূহীয়া নৃত্য প্ৰদৰ্শন ৷ ইয়াৰ পিছত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীব কুমাৰ দাস, সচিব ছি ইম তাৰ’ৰ লগতে বিশিষ্ট বক্তা সকলে তাহানিৰ মিকিৰ পাহাৰ বৰ্তমান কাৰবি আংলঙ জিলা পৰিষদৰ স্ৰষ্টা তথা জিলাখনৰ পিতৃ পুৰুষ ছেমছনছিং ইংতিৰ জীৱনাদৰ্শ আৰু ত্যাগৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ শেহত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত থলিতে স্থলীতে চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ আজিৰ ডিফুৰ সমগ্ৰ কাৰ্যসূচীৰ পিছত সন্ধিয়া বন্তি প্ৰজলন কৰা হয় ৷











