ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Staff Reporter by Staff Reporter
May 27, 2026
Reading Time: 1 min read
A A
0
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তন হ’ব নেকি? ডি কে শিৱকুমাৰ নতুন মুখ্যমন্ত্ৰী হ’ব, নে সিদ্দাৰমাইয়ায়ে সেই পদত থাকিব (Karnataka political Crisis) ? বৃহস্পতিবাৰৰ ভিতৰত ইয়াৰ উত্তৰ পোৱা যাব। এই কথা জনাইছে কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে।

Karnataka political crisis I

RELATED POSTS

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ:উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ঘৰলৈ যাব শিৱকুমাৰ। বহুতৰ মতে সেই সময়তে দুয়োজন নেতাৰ মাজত চলি থকা জল্পনা-কল্পনা আৰু বিতৰ্কৰ বিষয়ে আলোচনা হ’ব পাৰে। আৰু তাৰ পিছত পৰৱৰ্তী সিদ্ধান্ত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

২০২৩ চনত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী পদক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। সেই সময়ত কংগ্ৰেছ নেতৃত্বই জ্যেষ্ঠ নেতা সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী হিচাপে বাছি লৈছিল।

শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। সূত্ৰ অনুসৰি, ডেৰ-দুবছৰৰ পাছত মুখ্যমন্ত্ৰীৰ পদ সলনি হ’ব বুলি সিদ্ধান্ত লোৱা হয়। তাৰ পিছত কংগ্ৰেছ নেতৃত্বই শিৱকুমাৰক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব।

কিন্তু ডেৰ-দুবছৰৰ পাছত মুখ্যমন্ত্রীৰ পদ সলনি হোৱাৰ কোনো ইংগিত পোৱা নগ’ল। যাৰ ফলত কংগ্রেছৰ ভিতৰতে ‘সংঘাত’ৰ সৃষ্টি হয়৷ শিৱকুমাৰে এই সন্দৰ্ভত ৰাজহুৱাভাৱে কোনো মন্তব্য নকৰিলেও তেওঁৰ ঘনিষ্ঠ বিধায়কসকলে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনৰ দাবী জনায়।

উপ-মুখ্যমন্ত্রী শিৱকুমাৰক মুখ্যমন্ত্রী পাতিবলৈ দলৰ ভিতৰতে দাবী উত্থাপন হৈছে৷ কেইমাহমান পূৰ্বে কৰ্ণাটক কংগ্ৰেছৰ বিধায়কৰ এটা অংশই দিল্লীত দলৰ নেতৃত্বক সাক্ষাৎ কৰাৰ পিছতে এই জল্পনা-কল্পনা বাঢ়ি যায়।

বিগত ৭ মাহ ধৰি চলি থকা এই বিতৰ্ক কেনেকৈ শেষ কৰিব পাৰি সেই সম্পৰ্কে দিল্লীত ব্যাপক চৰ্চা চলিছে। সিদ্দাৰমাইয়া আৰু শিৱকুমাৰে কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হৈছে।

এই সন্দৰ্ভত মঙলবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীৰ বাংলোত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। ছয় ঘণ্টীয়া ৰুদ্ধদ্বাৰ বৈঠকত সিদ্দাৰমাইয়া আৰু শিৱকুমাৰৰ লগতে এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল আৰু কৰ্ণাটকৰ পৰ্যবেক্ষক ৰণদীপ সিং সুৰজেৱালা উপস্থিত থাকে।

বৈঠকৰ শেষত বেণুগোপালে সিদ্দাৰমাইয়া আৰু শিৱকুমাৰক কাষত লৈ মুখ্যমন্ত্রীৰ পদ পৰিৱৰ্তনৰ সম্ভাৱনাক লৈ কোনো আলোচনা হোৱা নাই বুলি দাবী কৰে৷ আলোচনা কেৱল ১৮ জুনৰ ৰাজ্যসভা নিৰ্বাচন আৰু বিধান পৰিষদৰ ভোটক লৈহে আছিল। কংগ্ৰেছৰ এটা অংশই দাবী কৰিছে যে বৰ্তমান মুখ্যমন্ত্ৰীৰ পদৰ কোনো পৰিৱৰ্তন হোৱা নাই। অৱশ্যে তাৰ ফলত জল্পনা-কল্পনাৰ অন্ত পৰা নাই।

বিভিন্ন সূত্ৰই দাবী কৰিছে যে সিদ্দাৰমাইয়াই শীঘ্ৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে। সেই পৰিবেশত পৰমেশ্বৰে কৰ্ণাটকৰ কংগ্ৰেছ প্ৰভাৰী ৰণদীপ সুৰজেৱালা বেংগালুৰুলৈ যাব বুলি কয়। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী পৰিৱৰ্তন সন্দৰ্ভত থকা বিভ্ৰান্তি দূৰ হ’ব। তেওঁ লগতে কয়, “আপোনালোকে যি কৈছে সেয়া কেৱল জল্পনা-কল্পনা। ইয়াৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।”

অৱশ্যে এই সন্দৰ্ভত অৱগত সূত্ৰৰ উদ্ধৃতি দি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতৃত্বই সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ প্ৰস্তাৱ দিছে। তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে।

বিনিময়ত তেওঁৰ পুত্ৰ যতীন্দ্ৰক কেবিনেটলৈ অনা হ’ব বুলি কোৱা হৈছে। কেৱল সেয়াই নহয়, তেওঁক ৰাজ্যসভাৰ সাংসদ বনাবলৈও প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে এটা মহলে দাবী কৰিছে যে সিদ্দাৰমাইয়া এতিয়াও মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু হোৱা নাই।

Tags: কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনাশিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
Share4Tweet3Send

Related Posts

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

by Staff Reporter
May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

by Staff Reporter
May 27, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

by News Desk
May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

by News Desk
May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

by News Desk
May 26, 2026
50
ADVERTISEMENT
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

May 27, 2026
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx