
পত্নীৰ লগত থাকি ভাল নলগাত স্বামীয়ে (Husband Sold wife) তেওঁক ৫০ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত মহিলাগৰাকীৰ স্বামীকে ধৰি ৭জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৯ মে’ত বানাস্কান্ত জিলাৰ পালানপুৰ থানা এলেকাৰ এজন লোকে আৰক্ষীৰ ওচৰত এগৰাকী ব্যক্তিৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল।
লোকজনে আৰক্ষীক জনোৱা মতে, তেওঁৰ পত্নীক বিচাৰি পোৱা নাই। কিন্তু তদন্তৰ সময়ত পোহৰলৈ অহা সত্যক লৈ আৰক্ষী বিষয়াসকল স্তম্ভিত হৈ পৰে। এইটো কোনো নিৰুদ্দেশৰ ঘটনা নহয়। অভিযোগ কৰা হৈছে যে পত্নীগৰাকীক সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে সন্ধানহীন কৰোৱা হৈছিল।
এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, প্ৰথম অৱস্থাত নিৰুদ্দেশৰ গোচৰ হিচাপে তদন্ত আৰম্ভ কৰা হয়। কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই ঘটনাৰ আঁৰৰ গভীৰ ষড়যন্ত্ৰ ক্ৰমান্বয়ে পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, স্বামীয়ে পত্নীক ভাল পোৱা নাছিল। গতিকে বন্ধু-বান্ধৱীৰ লগত ষড়যন্ত্ৰ কৰি তেওঁৰ পৰা মুক্তি লাভৰ চিন্তা কৰে। অভিযোগ অনুসৰি, মানুহজনে নিজৰ পত্নীক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল।
ইয়াৰ ফলত বহুত টকা আহিব আৰু পত্নীৰ পৰাও মুক্তি পাব। ইয়াৰ পিছত পত্নীক আঁতৰোৱাৰ পৰিকল্পনা আৰম্ভ হ’ল। অভিযুক্ত স্বামীক সোধা-পোছা কৰাৰ পিছত আৰক্ষীয়ে গম পালে যে তেওঁ পত্নীক লৈ ফুৰাবলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু আচলতে সেয়া আছিল এক ষড়যন্ত্ৰ।
ঘৈণীয়েকক ফুৰাবলৈ নিয়াৰ অজুহাতত তেওঁ নিৰ্জন ঠাইলৈ লৈ যায়। ইতিমধ্যে তাত মহিলা সৰবৰাহকাৰীৰ এটা দল উপস্থিত আছিল। ৫০ হাজাৰ টকাৰ বিনিময়ত স্বামীয়ে পত্নীক সৰবৰাহকাৰী গোটটোক গতাই দিয়ে। ইয়াৰ পিছতে আৰম্ভ হয় অত্যাচাৰ। অভিযোগ অনুসৰি, মহিলাগৰাকীক কেইবাটাও স্থানলৈ লৈ যোৱা হয়।
তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ঘৰত আবদ্ধ হৈ থকা অৱস্থাত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন হৈছে। তদন্ত আৰু ঘটনাৰ ক্ৰম অনুসৰি আৰক্ষীয়ে প্ৰথমে মহিলাগৰাকীৰ স্বামীক সন্দেহ কৰে। তেওঁক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে।
অভিযুক্তৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বন্ধুসকলৰ অৱস্থান উদ্ধাৰ কৰে। ইয়াৰ পিছত মহিলাগৰাকীক উদ্ধাৰৰ কাম আৰম্ভ হয়। বহু অনুসন্ধান আৰু বিভিন্ন সূত্ৰ ব্যৱহাৰ কৰাৰ অন্তত অৱশেষত মহিলাগৰাকীক সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা হয়।











