ASSAM TIMES POST
নিউজ ডেস্ক: পাঁচবাৰ গ্ৰাণ্ড শ্লাম জয়ী টেনিছ সুন্দৰী মাৰিয়া ছাৰাপ’ভাই টেনিছ কৰ্টক বিদায় দিছে৷ মাৰিয়াই পেশাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা বুধবাৰে প্ৰকাশ কৰে৷ ২০০৪ চনত ১৭ বছৰ বয়সত উইম্বলডনত চেম্পিয়ন খিতাপ অৰ্জন কৰি ছাৰাপ’ভা টেনিছ বিশ্বত খ্যাত হৈ পৰে৷ মাৰ্টিনা হিংগিজৰ পাছতে কম বয়সত এই খিতাপ অৰ্জন কৰা খেলুৱৈ হ’ল ছাৰাপ’ভা৷
২০০৫ চনত তেওঁ বিশ্বৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈ আছিল৷ ২০০৬ চনত ইউ এছ অ’পেন আৰু ২০০৮ চনত অষ্ট্ৰেলিয়া অ’পেন খিতাপ লাভ কৰিছিল মাৰিয়া ছাৰাপ’ভাই৷ ক্লে কৰ্টত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা মাৰিয়াই ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল৷