ASSAM TIMES POST
নিউজ ডেস্ক: মংগলবাৰে চান্দমাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া আদালতত পুনৰবা হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক।আদালতৰ ১৪দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাত নিয়া গগৈ সৈতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকো হাজিৰ কৰোৱা হয়।আদালতত হাজিৰ কৰোৱা সময়ত কাৰাৰুদ্ধ গগৈয়ে সংবাদ মাধ্যমক উদ্দেশ্য কৰি কয় “১মাৰ্চৰ পৰা জেলৰ ভিতৰতে গ্ৰহণ কৰা হ’ব অনশন”।
“আনহাতে ৬নং দফাৰ নামত চৰকাৰে জনসাধাৰণক টুপী দিছে “-এই তাপৰ্য পূৰ্ণ মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে।
উল্লেখ যে ইতিমধ্যে প্ৰায় দুটা মাহ কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ শাৰীৰিক ভাৱে কিছু অসুস্থ হৈ আছে। অসুস্থ নেতা গৰাকীক জেইলৰ ভিতৰত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে। মূৰ, দাঁত, হাত- ভৰি গাঁঠি বিষত আক্ৰান্ত হৈছে।