জম্মুঃ পাকিস্তানৰ সেনা বাহিনীয়ে সোমবাৰে জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘা কৰে। ইয়াৰ পুঞ্চ জিলাৰ শ্বাহপুৰত এই ঘটনা সংঘটিত হয়। দিনৰ প্ৰায় ১২.৪৫ বজাত পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখা(এলঅ’চি)ত সৰু অস্ত্ৰ আৰু মৰ্টাৰৰে যুদ্ধ বিৰতি উলংঘন কৰে। অৱশ্যে ভাৰতীয় সেনাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।
প্ৰসংগক্ৰমে সোমবাৰে পুঁৱতি নিশা আন দুটা স্থানত পাকিস্তানৰ শক্তিশালী বোমা বৰ্ষণৰ তথ্য পোৱা গৈছিল। উল্লেখ্য দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাতো পাকিস্তানী সেনাই এলঅ’চিত গুলীবৰ্ষণ কৰিছিল। ইপিনে গত ২০ জুলাইতো পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছিল। ইপিনে ২২ জুলাইত পাকিস্তানৰ গুলীবৰ্ষণত এজন ভাৰতীয় জোৱান শ্বহীদ হৈছিল।