
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহেলগামৰ ৰক্তাক্ত স্মৃতি (Pahalgam attack) এতিয়াও ভাৰতীয়ৰ মনত সতেজ হৈ আছে। ঠিক এবছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ এটা দলে নিৰ্বিচাৰে গুলীচালনা কৰি ২৬জন নিৰীহ লোকক হত্যা কৰিছিল। আজি উক্ত ঘটনাৰ প্ৰথম বৰ্ষপূৰ্তিত শোকসন্তপ্ত পৰিয়ালসমূহে হুমুনিয়াহেৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ যন্ত্ৰণাৰ (Pain of not fulfilling a promise) কথা প্ৰকাশ কৰিছে। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই আক্ৰমণত নিহত সন্তোষ জগদালৰ কন্যা আছাৱৰী জগদালে কয় যে বিগত এটা বছৰ পৰিয়ালটোৰ বাবে নৰকৰ দৰে হৈ পৰিছে।
তেওঁৰ পিতৃ আছিল পৰিয়ালটোৰ একমাত্ৰ ভৰসা, যাৰ বিদায়ে তেওঁলোকৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। আছাৱৰীৰ দৰে আন ২৫টা পৰিয়ালেও বিগত এবছৰ ধৰি একেধৰণৰ শোক আৰু বঞ্চনাৰ সৈতে যুঁজি আছে। এই আক্ৰমণৰ বৰ্বৰতাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, সন্ত্ৰাসবাদীয়ে সাধাৰণ জনতাক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধে আৰু তাৰ পিছত তেওঁলোকৰ ওপৰত গুলীচালনা কৰে।

ওড়িশাৰ প্ৰশান্ত কুমাৰ সৎপঠি নামৰ এজন মৃতকৰ পত্নীয়ে সংবাদ সংস্থা এএনআইক জনাইছে যে জীৱনটো হয়তো নিজৰ গতিৰে আগবাঢ়িছে, কিন্তু স্বামীৰ কথা স্মৰণ নকৰা এটা দিনো পাৰ হোৱা নাই। আগতে তেওঁ কৰা সৰু সৰু কামবোৰেই এতিয়া তেওঁৰ পৰিয়াল চলোৱাৰ একমাত্ৰ উপায়। চৰকাৰী সাহায্যক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে আৰ্থিক সাহায্য লাভ কৰাৰ পিছতো প্ৰতিশ্ৰুতি দিয়া চৰকাৰী চাকৰি বা সন্তানৰ পঢ়া-শুনাৰ খৰচ এতিয়াও পূৰণ হোৱা নাই। আন ৰাজ্যৰ পৰিয়ালে নিজৰ অৰ্হতা অনুযায়ী চাকৰি লাভ কৰি আহিছে যদিও সেই আশাত দিন গণি আছে তেওঁ।
উল্লেখ্য যে পহেলগামত সংঘটিত ৰক্তপাতৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই ২০২৫ চনৰ ৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা বৃহৎ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাই লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ শতাধিক সন্ত্ৰাসবাদীক হত্যা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ড্ৰ’ন আক্ৰমণ আৰু গোলাবৰ্ষণ আৰম্ভ কৰে, যাৰ ফলত চাৰিদিনীয়া যুদ্ধ হয়। ভাৰতীয় বাহিনীয়ে লাহোৰ আৰু গুজৰানৱালাৰ ৰাডাৰ ষ্টেচনত আঘাত কৰি পাকিস্তানক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল আৰু দুয়োখন দেশৰ মাজত সামৰিক পৰ্যায়ৰ আলোচনাৰ অন্তত ১০ মে’ত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। আজি এই প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত ভাৰতীয় সেনাই এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত সেনাই কয় যে যদিহে মানৱতাৰ সীমা অতিক্ৰম কৰা হয় তেন্তে সঁহাৰি চূড়ান্ত হ’ব আৰু ন্যায় নিশ্চিত কৰা হৈছে। অপাৰেচন সিন্দুৰৰ উপৰি পহেলগাম আক্ৰমণৰ মূল দোষীক ‘অপাৰেচন মহাদেৱ’ৰ জৰিয়তে নিৰ্মূল কৰা হৈছে।










