
ইৰাণৰ সৈতে যুদ্ধবিৰতি বৃদ্ধিৰ (US Iran Talks) কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে মঙলবাৰে মাজনিশা (ভাৰতীয় সময় অনুসৰি) তেওঁ কয় যে ইৰাণৰ বন্দৰসমূহত আমেৰিকাৰ নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব।

ট্ৰাম্পৰ ঘোষণা, “পাকিস্তানৰ অনুৰোধত আমেৰিকাই ইৰাণৰ সৈতে যুদ্ধবিৰতি বৃদ্ধি কৰিছে।” মঙলবাৰে নিশাৰ পৰা পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল।
মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ এটা সংবাদ সংস্থাক জনাইছিল যে তেওঁৰ প্ৰতিনিধি দলটো বৈঠকত অংশগ্ৰহণৰ বাবে পাকিস্তান অভিমুখে ৰাওনা হৈছে। কিন্তু দুপৰীয়া আন এটা আমেৰিকান সংবাদ মাধ্যমে দাবী কৰে যে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ দলৰ পাকিস্তান ভ্ৰমণ পিছুৱাই দিয়া হৈছে।
পিছদিনা নিশা ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণ চৰকাৰৰ ভিতৰত গুৰুতৰ মতানৈক্য আছে। সেয়া স্বাভাৱিক। এই পৰিস্থিতিত পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আছিম মুনীৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আমাক ইৰাণৰ ওপৰত আক্ৰমণ আৰু কিছুদিন স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে।
ইৰাণৰ নেতা আৰু প্ৰতিনিধিয়ে ঐক্যবদ্ধ প্ৰস্তাৱ উলিয়াব নোৱৰালৈকে আমি আক্ৰমণ স্থগিত ৰাখিছোঁ।’’ অৱশ্যে পিছত ট্ৰাম্পে কয় যে হৰমুজ প্ৰণালীৰ চাৰিওফালে নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব।
তেওঁ লিখিছে, ‘‘মই সেনাবাহিনীক নিৰ্দেশ দিছোঁ যে শান্তি আলোচনা সম্পূৰ্ণ নোহোৱালৈকে যিদৰে আছে তেনেদৰেই থাকিব লাগে আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিব লাগে।’’ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাবুকিৰ সন্মুখীন হৈ তেহৰানে মঙলবাৰে ৱাশ্বিংটনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
পাকিস্তানত ইৰাণৰ ৰাষ্ট্ৰদূত ৰেজা আমিৰি মোঘাদামে ব্ৰিটিছ লেখিকা জেন অষ্টেনে লিখা ‘প্ৰাইড এণ্ড প্ৰিজুডিচ’ৰ প্ৰথম কেইটামান শাৰীৰ সুৰত ছ’চিয়েল মিডিয়াত লিখিছে, “এখন সমৃদ্ধিশালী সভ্যতাৰ কোনো দেশেই ভাবুকি আহিলে কেতিয়াও আলোচনাৰ বাবে বহিব নোৱাৰিব, এয়া এক বিশ্বজনীনভাৱে গ্ৰহণযোগ্য সত্য!” একে সময়তে তেওঁৰ বাৰ্তা হৈছে যে বৈদেশিক হেঁচাত নতি স্বীকাৰ কৰাটো ইছলামিক মূল্যবোধৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।
উল্লেখ্য যে যোৱা সপ্তাহত ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰথম ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হৈছিল। কিন্তু বৈঠক ফলপ্ৰসূ নহ’ল। আমেৰিকাৰ দাবী যে ইৰাণে কেইবাটাও বিষয়ত আমেৰিকাৰ প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই বৈঠকখন বিফল হয়।
কিন্তু ইৰাণে ইয়াৰ উত্তৰত কয় যে আমেৰিকাৰ সদিচ্ছাৰ অভাৱৰ বাবে শেষ মুহূৰ্তত বৈঠকখন অমীমাংসিত হৈ থাকিল। ইফালে দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ প্ৰস্তুতি অব্যাহত আছে। ইতিমধ্যে এই সন্দৰ্ভত ট্ৰাম্পৰ সৈতে কথা পাতিছে পাকিস্তানৰ সেনাপ্ৰধান মুনীৰে। অৱশ্যে এই বৈঠকখন আচলতে অনুষ্ঠিত হ’বনে নাই সেই সন্দৰ্ভত অনিশ্চয়তা আছে।









