
বিগত কিছুদিনত মণিপুৰত পুনৰ উত্তেজনাৰ (Manipur Violence) জুই জ্বলি । দুটা পৃথক ঘটনাৰ বাবে মণিপুৰৰ কেইবাটাও পাহাৰীয়া অঞ্চলত স্বাভাৱিক জীৱন ব্যাহত হৈছে।

বন্ধ, ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বহু ঠাইত বজাৰ-ঘাট বন্ধ হৈ পৰে। বাছ আৰু অন্যান্য ৰাজহুৱা পৰিবহণো প্ৰভাৱিত হৈছে। চলিত মাহৰ আৰম্ভণিতে সংঘটিত দুটা পৃথক ঘটনাই মণিপুৰত নতুন অশান্তিৰ সৃষ্টি কৰিছে। প্ৰথম ঘটনাটো আছিল ৭ এপ্ৰিলৰ।
সেইদিনা মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবিত বোমা বিস্ফোৰণত দুটা শিশু নিহত হৈছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উখৰুল জিলাৰ লিটন গাঁৱৰ সমীপত সংঘটিত আক্ৰমণত এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান নিহত হয়। অভিযোগ উত্থাপন হৈছে যে কুকি বিদ্ৰোহীৰ আক্ৰমণত তেওঁক হত্যা কৰা হৈছে।
এই দুটা ঘটনাৰ বাবে বিগত কিছুদিন ধৰি মণিপুৰত উত্তেজনাৰ সৃষ্টি হৈছে। যোৱা ৭ এপ্ৰিলত বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত এজন ৫ বছৰীয়া ল’ৰা আৰু তেওঁৰ ৬ মহীয়া ভগ্নীৰ টোপনিতে মৃত্যু হৈছিল।
এই আক্ৰমণত তেওঁলোকৰ মাতৃ গুৰুতৰভাৱে আহত হয়। এই আক্ৰমণৰ প্ৰতিবাদত মণিপুৰত ১১ এপ্ৰিলৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ মাজতে কুকি সংখ্যাগৰিষ্ঠ চুৰচান্দপুৰ জিলাত অৰ্ধসামৰিক বাহিনীৰ গুলীত তিনিজন প্ৰতিবাদকাৰী নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। উল্লেখ্য যে ৭ এপ্ৰিলৰ ঘটনাৰ পিছত প্ৰশাসনে আইন-শৃংখলাৰ পৰিস্থিতিৰ উদ্ধৃতি দি তিনিদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে। ৮ এপ্ৰিলৰ পৰা চৰ্তসাপেক্ষে ব্ৰডবেণ্ড সেৱা পুনৰুদ্ধাৰ কৰা হৈছিল যদিও মোবাইল ইণ্টাৰনেট সেৱা তেতিয়াও বন্ধ হৈ আছিল। পিছত পৰ্যায়ক্ৰমে আৰম্ভ কৰি শনিবাৰে প্ৰশাসনে নিষেধাজ্ঞা সম্পূৰ্ণৰূপে উঠাই লয়।
ইয়াৰ মাজতে শনিবাৰে ইম্ফলৰ থাংমেইবাণ্ড অঞ্চলত প্ৰতিবাদকাৰীসকলে সমদলৰ আয়োজন কৰিছিল। প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী আৰু তাত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ ফলত আহত হয় ৬ জন লোক।
আহতসকলৰ ভিতৰত তিনিজন অৰ্ধসামৰিক জোৱান আছিল। এনে পৰিস্থিতিত প্ৰতিবাদকাৰীক দমন কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা আৰম্ভ কৰে। কন্দুৱা গেছৰ গোলা আৰু ৰবৰৰ গুলীও নিক্ষেপ কৰা হয়।
আনহাতে, প্ৰতিবাদকাৰীসকলেও শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ‘মীৰা পাইবিছ’কে (মেইটেই মহিলা সংগঠন) ধৰি কেইবাটাও নাগৰিক সংগঠনে দেওবাৰে মাজনিশাৰ পৰা পাঁচদিনীয়া বন্ধৰ আহ্বান জনায়।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, এই বন্ধৰ বাবে মণিপুৰৰ কমেও পাঁচখন জিলাত বিদ্যালয়, মহাবিদ্যালয় আৰু বাছ সেৱা প্ৰায় বন্ধ হৈ পৰে। ইম্ফলৰ বিভিন্ন অঞ্চলতো প্ৰতিবাদ অব্যাহত আছে। ইফালে, অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ হত্যাৰ প্ৰতিবাদত সোমবাৰৰ পৰা ‘ইউনাইটেড নগা কাউন্সিল’-এ ধৰ্মঘটৰ আহ্বান জনাইছে।
সেই প্ৰতিবাদী কাৰ্যসূচী মঙলবাৰে পুৱাও অব্যাহত আছে। স্থানীয় সামাজিক কৰ্মী তথা প্ৰতিবাদকাৰী ৰোহন ফিলেমে সংবাদ সংস্থা এএনআইক জনাইছে যে ন্যায় নোপোৱালৈকে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিব।












