
সোমবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court Of India) নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ আজাদ হিন্দ বাহিনী সন্দৰ্ভত এটা গোচৰ খাৰিজ কৰে। আবেদনকাৰীয়ে নেতাজীক ‘ৰাষ্ট্ৰীয় সন্তান’ বুলি ঘোষণা কৰিবলৈ বিচাৰিছিল। একে সময়তে আজাদ হিন্দ বাহিনীক দেশমুক্ত কৰাৰ কৃতিত্বও দিব বিচাৰিছিল আবেদনকাৰীয়ে

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰে। জনস্বাৰ্থ জড়িত গোচৰৰ আবেদনকাৰীৰ উদ্দেশ্যক লৈও আদালতে প্ৰশ্ন উত্থাপন কৰে।
সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠত শুনানিৰ বাবে এই গোচৰটো আহিছিল। কিন্তু ন্যায়াধীশ দুজনে পৰ্যবেক্ষণ কৰে যে আবেদনকাৰীয়ে নিজকে প্ৰচাৰ কৰিবলৈ এই গোচৰ ৰুজু কৰিছে। পূৰ্বেও তেওঁ আন এক অনুৰূপ জনস্বাৰ্থ জড়িত গোচৰ দাখিল কৰিছিল। উক্ত গোচৰটোও খাৰিজ কৰা হয়।
সেই কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে নতুন আবেদন খাৰিজ কৰাৰ সময়ত আবেদনকাৰীক ধমক দিয়ে। মুখ্য ন্যায়াধীশে তেওঁক মৌখিক সতৰ্কবাণী দি কয়, “উচ্চতম ন্যায়ালয়ত প্ৰৱেশ বন্ধ কৰি দিম।” মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে সোঁৱৰাই দিয়ে যে আবেদনকাৰীয়ে বিগত সময়ত ভিত্তিহীন জনস্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল।
তাৰ পিছত আবেদনকাৰীয়ে আদালতত কয় যে এইবাৰ গোচৰটো বেলেগ। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আবেদনকাৰীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত আবেদনকাৰীৰ পৰা কোনো ধৰণৰ জনস্বাৰ্থৰ গোচৰ গ্ৰহণ নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কক নিৰ্দেশ দিয়া হৈছে।










