
বতৰ বিজ্ঞান বিভাগে (Meteorology Department) মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় (Maharashtra and Chhattisgarh)ৰ বাবে তাপ প্ৰবাহ (Heat Wave)ৰ সতৰ্কবাণী জাৰি (Warning issued) কৰিছে। এই দুয়োখন ৰাজ্যৰ উষ্ণতাই কোনো কোনো ঠাইত ৪৩ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। পশ্চিম মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ আৰু ছত্তীশগড়ৰ কিছু ঠাইত ২৩ এপ্ৰিললৈকে গৰমৰ পৰিস্থিতি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে জনাইছে যে ২০ আৰু ২১ এপ্ৰিলত পূব উত্তৰ প্ৰদেশ, পূব ৰাজস্থান আৰু পূব মধ্যপ্ৰদেশত তাপ প্ৰবাহৰ পৰিস্থিতি হ’ব।
ইয়াৰ উপৰি ২২ এপ্ৰিললৈকে ঝাৰখণ্ডত আৰু ২৩ এপ্ৰিললৈকে পশ্চিম উত্তৰ প্ৰদেশত তাপ প্ৰবাহৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে এই দুখন ৰাজ্যৰ বাবে সতৰ্কবাণীও জাৰি কৰিছে । ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ উপৰি আগন্তুক দিনত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু ওড়িশাতো উষ্ণতা আৰু অধিক বৃদ্ধি পাব। ইয়াৰ লগতে তাপ প্ৰবাহৰ সম্ভাৱনাও প্ৰবল হ’ব। মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাত সৰ্বাধিক তাপমাত্ৰা হৈছে। তাত ৪৩ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে।

মহানগৰীৰ মূল পথসমূহৰ সংকেত বন্ধ কৰি ৰাখিবলৈ যান-বাহন আৰক্ষীক আহ্বান জনাইছে ৰাইজে। প্ৰচণ্ড গৰমত চিগনেলত ৰৈ থকা অৱস্থাত বহুতেই অসুস্থ হৈ পৰিছে। এই কাৰণসমূহৰ উদ্ধৃতি দি মহানগৰবাসীয়ে যান-বাহন আৰু স্থানীয় প্ৰশাসনৰ ওচৰত উক্ত আবেদন জনাইছে। সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ১২.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ সংকেত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।
আনহাতে, দিল্লীৰ উষ্ণতাও ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৪১ ডিগ্ৰী চেলছিয়াছ। মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত সমগ্ৰ দেশত সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ অধিক হ’ব বুলি বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। বিশেষকৈ হিমালয়ৰ ৰাজ্য, উত্তৰ-পূব ভাৰত আৰু পশ্চিম ভাৰতৰ পাহাৰীয়া অঞ্চলত এই পৰিস্থিতি সৃষ্টি হ’ব।










