
ইৰাণৰ সৈতে শান্তি বৈঠক (US Iran Talks) অনুষ্ঠিত কৰিবলৈ সোমবাৰে সন্ধিয়া পাকিস্তানত উপস্থিত হ’ব আমেৰিকাৰ প্ৰতিনিধি দলটো। ইয়াৰ পূৰ্বে ইৰাণে ঘোষণা কৰিছিল যে ইছলামাবাদত অনুষ্ঠিত হ’বলগীয়া শান্তি বৈঠকত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা নাই। তেহৰানে কিয় এই বৈঠকত উপস্থিত থাকিব নিবিচাৰে সেই কথাও বুজাই দিছে। মূলতঃ তেওঁলোকে পাঁচটা কাৰণ দিছে।

কিন্তু কাৰণকেইটা উল্লেখ কৰা নাই ইৰাণৰ উচ্চতম নেতা মোজতাবা খামেনেই বা ৰিভল্যুচনেৰী গাৰ্ডে। এই পাঁচটা কাৰণ ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইছলামিক ৰিপাব্লিক নিউজ এজেন্সীয়ে (ইৰনা) প্ৰকাশ কৰিছে। অৱশ্যে আই আৰ এন এৰ দাবী বা বক্তব্যক সাধাৰণতে তেহৰাণৰ সৰ্বোচ্চ প্ৰশাসনৰ মতামত বুলি গণ্য কৰা হয়।
এই যুক্তিৰে শান্তি বৈঠক সন্দৰ্ভত সংবাদ সংস্থাটোৱে ইৰাণৰ মতামত দাঙি ধৰিছে বুলি অনুমান কৰা হৈছে। সোমবাৰে ইৰনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “ইছলামাবাদত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনাক লৈ যি খবৰ প্ৰচাৰ হৈছে সেয়া মিছা।”
সংবাদ সংস্থাটোৱে শান্তি আলোচনাত অংশগ্ৰহণ নকৰাৰ পাঁচটা কাৰণ উল্লেখ কৰিছে: ১) আমেৰিকাৰ অত্যধিক দাবী, ২) ইৰাণৰ ওচৰত অযুক্তিকৰ আৰু অবাস্তৱিক প্ৰত্যাশা, ৩) বাৰে বাৰে স্থিতি সলনি কৰা, ৪) পৰস্পৰ বিৰোধী স্থিতি গ্ৰহণ কৰা আৰু ৫) যুদ্ধবিৰতিৰ চৰ্ত উলংঘা কৰি আমেৰিকাৰ তথাকথিত হৰমুজ প্ৰণালী অৱৰোধ।
ইৰাণে বিশ্বাস কৰে যে এইবোৰ কাৰণতে গঠনমূলক আলোচনা সফল হ’ব নোৱাৰে। তেহৰানৰ বক্তব্যৰ উদ্ধৃতি দি ইৰাণৰ সংবাদ সংস্থাই কয় যে ট্ৰাম্পে ইৰাণক দোষাৰোপ কৰি আৰু একপক্ষীয়ভাৱে শান্তি বৈঠকৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰি হেঁচাৰ ৰাজনীতিত লিপ্ত হৈছে।
দেওবাৰে সন্ধিয়া ৫.৪০ বজাত (ভাৰতীয় সময় অনুসৰি) ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট দিয়ে ট্ৰাম্পে। তাতে তেওঁ কয় যে আমেৰিকা আৰু ইৰাণৰ দ্বিতীয় পৰ্যায়ৰ শান্তি বৈঠক ইছলামাবাদত অনুষ্ঠিত কৰিবলৈ ওলাইছে। ইৰাণৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিবলৈ সোমবাৰে সন্ধিয়া পাকিস্তানত উপস্থিত হ’ব আমেৰিকাৰ প্ৰতিনিধি দল।
উক্ত পোষ্টটোত ট্ৰাম্পে লগতে কয় যে আমেৰিকাই ইৰাণক সংঘাত বন্ধ কৰিবলৈ “অতি স্বচ্ছ আৰু যুক্তিসংগত বুজাবুজি”ৰ প্ৰস্তাৱ দিছে। তেওঁ সকীয়াই দিয়ে যে যদি তেওঁলোকে এই প্ৰস্তাৱত সন্মতি নিদিয়ে তেন্তে তেওঁ পুনৰ ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ আৰু দলং আক্ৰমণ কৰিব। এই প্ৰসংগত ট্ৰাম্পে লিখিছে যে যদি তেওঁলোকে কোনো বুজাবুজিত উপনীত নহয়, তেন্তে মই যি কৰিব লাগে সেয়া সন্মানেৰে কৰিম। এই কাম বিগত ৪৭ বছৰ ধৰি আমেৰিকাৰ অন্যান্য ৰাষ্ট্ৰপতিসকলে কৰাৰ কথা আছিল।
উল্লেখযোগ্য যে ১১-১২ এপ্ৰিলত ইছলামাবাদত অনুষ্ঠিত হৈছিল আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰথম ৰাউণ্ডৰ শান্তি আলোচনা। প্ৰায় ২১ ঘণ্টাৰ আলোচনাৰ অন্তত কোনো সমাধান নোহোৱাকৈয়ে শেষ হ’ল। ইফালে, দুয়োখন দেশৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতিৰো ম্যাদ উকলিছে। আমেৰিকা-ইৰাণৰ প্ৰাৰম্ভিক যুদ্ধবিৰতিৰ ম্যাদ অহা বুধবাৰে শেষ হ’ব।










