
দ্বিপাক্ষিক বাণিজ্য চুক্তি সন্দৰ্ভত পুনৰবাৰ মুখামুখিকৈ বৈঠকত মিলিত হ’ব ভাৰত আৰু আমেৰিকা (India US Trade Deal)। সোমবাৰৰ পৰা ৱাশ্বিংটনত আৰম্ভ হ’ব তিনিদিনীয়া বাণিজ্যিক আলোচনা।

এই বৈঠকৰ বাবে ভাৰতৰ পৰা প্ৰায় ১২ জন বিষয়া আমেৰিকালৈ গৈছে। ইতিমধ্যে দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিৰ খচৰা প্ৰকাশ পাইছে। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত ট্ৰাম্পৰ শুল্ক নীতিয়ে মুখথেকেচা খাইছে। দেশখনৰ আদালতে ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা শুল্কৰ বিৰুদ্ধে ৰায় দিছে।
সেই বিপৰ্যয়ৰ পিছত ট্ৰাম্প প্ৰশাসনে ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৫০ দিনৰ বাবে সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছে।পিটিআইৰ বাতৰি অনুসৰি, এই পৰিৱৰ্তিত শুল্ক ব্যৱস্থাত ভাৰত আৰু আমেৰিকা দুয়োখন দেশেই হয়তো চুক্তিৰ খচৰা পুনৰ বিবেচনা কৰিব বিচাৰিব।
ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে বাণিজ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব দৰ্পন জৈন। ইয়াৰ পূৰ্বে ভাৰত আৰু আমেৰিকাৰ প্ৰতিনিধি দলৰ মাজত কেইবাবাৰো বৈঠক অনুষ্ঠিত হৈছে। ভাৰতীয় প্ৰতিনিধি দলটোৱে আমেৰিকা ভ্ৰমণ কৰিছে। আমেৰিকাৰ প্ৰতিনিধি দলটোৱেও দেশ ভ্ৰমণ কৰিছে।
কিন্তু বিগত তিনি-চাৰি মাহত দুয়োখন দেশৰ প্ৰতিনিধি দলৰ মাজত কোনো মুখামুখি বৈঠক হোৱা নাই। কেন্দ্ৰীয় বাণিজ্য সচিব ৰাজেশ আগৰৱালাই কয় যে যদিও তেওঁলোকে মুখামুখিকৈ সাক্ষাৎ কৰা নাছিল, তথাপিও এই পৰ্যায়তো দুয়োপক্ষৰ মাজত ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত হৈছিল।
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ খচৰা ৭ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল।অন্তৱৰ্তীকালীন খচৰা অনুসৰি, ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্কৰ হাৰ ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল।
আনহাতে, ভাৰতেও আমেৰিকাৰ বিভিন্ন সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ট্ৰাম্প প্ৰশাসনৰ ‘পাৰস্পৰিক শুল্ক নীতি’ পৰৱৰ্তী সময়ত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।
ভাৰত আৰু আমেৰিকাৰ প্ৰতিনিধি দলৰ মাজত ফেব্ৰুৱাৰী মাহত এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পিছুৱাই দিয়া হয়। এনে পৰিস্থিতিত সোমবাৰৰ পৰা ৱাশ্বিংটনত তিনিদিনৰ বাবে পুনৰ বৈঠকত মিলিত হ’বলৈ গৈ আছে দুয়োখন দেশ।
উল্লেখযোগ্য যে যেতিয়া দ্বিপাক্ষিক চুক্তিৰ খচৰা প্রকাশ হৈছিল, তেতিয়া বাণিজ্যৰ ক্ষেত্রত প্রতিদ্বন্দ্বী দেশৰ তুলনাত ভাৰত সুবিধাজনক অৱস্থাত আছিল৷ কিন্তু এতিয়া ট্ৰাম্প প্ৰশাসনে সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ লগে লগে চুক্তিখন পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি ধাৰণা কৰা হৈছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে এই কথা প্ৰকাশ কৰিছে।










