
তামিলনাডুত ফটকা কাৰখানা বিস্ফোৰণত (Tamil Nadu Blast) ২৩ জন লোকৰ মৃত্যু। আন কেইবাজনো আহত হয়। বিস্ফোৰণৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে কাৰখানাটোৰ এটা অংশ ভাঙি যায়।

প্ৰথম অৱস্থাত বিস্ফোৰণৰ কাৰণ স্পষ্ট হোৱা নাই। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে।
দেওবাৰে বিয়লি তামিলনাডুৰ বিৰুধুনগৰ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। তাতে কট্টনাপট্টি অঞ্চলৰ এটা ফটকা কাৰখানাত হঠাৎ বিস্ফোৰণ ঘটে। সূত্ৰৰ ভিত্তিত পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, বিস্ফোৰণৰ সময়ত কাৰখানাটোত এশৰো অধিক শ্ৰমিকে কাম কৰি আছিল।
তাৰে ২৩ জন লোকৰ থিতাতে মৃত্যু হয়। বিস্ফোৰণৰ খবৰ পাই স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ লগতে অগ্নিনিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণস্থলীৰ পৰা ৬ জন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণৰ বাবেই অট্টালিকাটোৰ এটা অংশ ভাঙি পৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বিষয়াসকলে। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ষ্টেলিনে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
ষ্টেলিনে তামিলনাডুৰ দুজন মন্ত্ৰীকো ততাতৈয়াকৈ ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ বিৰুধনগৰৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰি সকলো প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে।









