
যুদ্ধবিৰতিৰ বাকী দিনবোৰত সকলো জাহাজ (All ship) হৰমুজ প্ৰণালীৰ (Strait of Hormuz) মাজেৰে পাৰ হ’ব পাৰিব (can cross)। এই কথা নিজৰ এক্স একাউণ্টত ঘোষণা কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে (Abbach Aragchi)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰে। ইয়াৰ পিছত ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক জাহাজ পাৰ হ’বলৈ অনুমতি দিয়াৰ সিদ্ধান্ত ঘোষণা কৰে। ইতিমধ্যে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত হৰমুজৰ ‘সম্পূৰ্ণ মুকলি’ সন্দৰ্ভত পোষ্ট কৰিছে। তাত ইৰাণক ধন্যবাদো জনায়। ইৰাণৰ সৈতে আমেৰিকাৰ প্ৰথম পৰ্যায়ৰ শান্তি আলোচনা বিফলৰ পিছত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে প্ৰস্তুতি চলি আছে।

ইৰাণৰ ঘোষণাৰ পিছত শান্তি বৈঠকৰ পথ প্ৰশস্ত হৈছে নেকি বুলি একাংশই অনুভৱ কৰে। পশ্চিম এছিয়াকে ধৰি সমগ্ৰ বিশ্বৰ লোকে এইবাৰ আশাৰ ৰেঙনি দেখিবলৈ পাইছে। ইৰাণৰ এই ঘোষণাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ১০ শতাংশ হ্ৰাস পাইছে। এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা এ পিয়ে। আৰাঘচিয়ে নিজৰ এক্স একাউণ্টত লিখিছে, “লেবাননত যুদ্ধবিৰতি হৈছে। যুদ্ধবিৰতিৰ বাকী দিনকেইটাত সকলো বাণিজ্যিক জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰিব পাৰিব। ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ বন্দৰ আৰু জাহাজ সংস্থাই ইতিমধ্যে এই কথা ঘোষণা কৰিছে।”
ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “ইৰাণে এইমাত্ৰ ঘোষণা কৰে যে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা হৈছে। ই জাহাজ চলাচলৰ বাবে সাজু হৈছে। ধন্যবাদ!” বৃহস্পতিবাৰে ট্ৰাম্পে লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে। লগতে তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ নেতাৰ মাজত মুখামুখি সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলাইছে। উল্লেখ্য যে লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধবিৰতি আৰু অন্যান্য বিষয়ত চুক্তিবদ্ধ হোৱাৰ পদক্ষেপৰ অংশ হিচাপে। কাৰণ তেহৰানে আৰম্ভণিৰে পৰাই কৈছিল যে আমেৰিকাৰ সৈতে আলোচনাৰ এটা চৰ্ত হ’ল লেবাননত যুদ্ধবিৰতি।










