
১৯৩৭ চনৰ মুছলিম পাৰ্ছনেল ল’ (Muslim Personal Law) প্ৰয়োগ আইনৰ কিছুমান ধাৰা মহিলাৰ বিৰুদ্ধে (Against women) বৈষম্যমূলক বুলি অভিযোগ (Discriminatory accusation) কৰি উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত দাখিল কৰা হয়। এই ধাৰাসমূহৰ সাংবিধানিক বৈধতাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি কেন্দ্ৰৰ সঁহাৰি বিচৰা হৈছে। মুছলিম পাৰ্ছনেল ল সম্পৰ্কীয় গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ে কৰিব পাৰে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু শীৰ্ষ আদালতে পৰ্যবেক্ষণ কৰে যে ইউনিফৰ্ম চিভিল কোড এক ‘সাংবিধানিক আকাংক্ষা’।
সেয়েহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলৰ বিচাৰপীঠে গোচৰটো মানি লয়। বৃহস্পতিবাৰে হয় গোচৰৰ শুনানি। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়লৈ জাননী জাৰি কৰে। গোচৰটোত উল্লেখ কৰা হৈছে যে মুছলিম পাৰ্ছনেল লৰ অধীনত উত্তৰাধিকাৰৰ বৰ্তমানৰ নিয়মসমূহ মহিলাৰ বিৰুদ্ধে প্ৰকাশ্যভাৱে বৈষম্যমূলক। বেছিভাগ ক্ষেত্ৰতে কোৱা হয় যে পুৰুষক আবণ্টিত অংশৰ আধা বা তাতকৈ কম অংশ মহিলাক দিয়া হয়।

অভিযোগকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে ১৯৩৭ চনৰ আইনখনে সংবিধানৰ ১৪ নং অনুচ্ছেদ উলংঘা কৰিছে। তাত লিংগ নিৰ্বিশেষে নাগৰিকৰ সম-অধিকাৰৰ কথা কোৱা হৈছে। উত্তৰাধিকাৰৰ বিষয়বোৰ সামাজিক প্ৰকৃতিৰ যদিও সংবিধানৰ ২৫ নং অনুচ্ছেদৰ অধীনত সুৰক্ষিত এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয়। ধৰ্ম আৰু সম্পত্তিৰ অধিকাৰৰ মাজত কোনো সম্পৰ্ক থাকিব নোৱাৰে। অভিযোগ কৰা হৈছে যে উক্ত আইনৰ অধীনত উত্তৰাধিকাৰৰ নিয়মে পুৰুষতকৈ মহিলাক আধা বা তাতকৈ কম অংশ দিয়ে। অধিবক্তা ভূষণে এইটো বৈষম্যমূলক বুলি দাবী কৰে।
উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদত সকলো নাগৰিকক নিজৰ ধৰ্ম গ্ৰহণ, পালন আৰু প্ৰচাৰৰ স্বাধীনতা প্ৰদান কৰা হৈছে। অৱশ্যে এই অধিকাৰ নিৰপেক্ষ নহয়। ইয়াৰ অধীনত জনশৃংখলা, নৈতিকতা, স্বাস্থ্যকে ধৰি অন্যান্য মৌলিক অধিকাৰ আছে। এই সন্দৰ্ভত মন্তব্য কৰি অধিবক্তা ভূষণে কয় যে সমগ্ৰ দেশতে দেৱানী আইন একে হ’ব লাগে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে, “ইউনিফৰ্ম চিভিল কোড এক সাংবিধানিক আকাংক্ষা।” পৌলামি পবিনী শুক্লা নামৰ এজন ব্যক্তিয়ে মুছলিম পাৰ্ছনেল লক লৈ জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছে। ন্যায় নাৰী ফাউণ্ডেচন নামৰ এটা সংস্থায়ো গোচৰ তৰিছে। অৱশ্যে আদালতে অধিবক্তা ভূষণক নিৰ্দেশ দিছে যে মুছলিম পাৰ্ছনেল লৰ দ্বাৰা ভুক্তভোগী কোনো মহিলা এই গোচৰৰ সৈতে জড়িত হৈ আছে নেকি সেয়া জনাব লাগে।










