
ইৰাণে নিজৰ সকলো সমৃদ্ধ ইউৰেনিয়াম আমেৰিকাক গতাই দিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছে তেহৰানে (Iran US Talks) । ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি বিভিন্ন সংবাদ মাধ্যমে দাবী কৰে যে, “আমেৰিকাক কোনো ধৰণৰ পাৰমাণৱিক সামগ্ৰী গতাই দিয়া সন্দৰ্ভত এনে কোনো আলোচনা হোৱা নাই!”

ইৰাণৰ চৰকাৰী ইছলামিক ৰিপাব্লিক অব ইৰাণ ব্ৰডকাষ্টিঙে ট্ৰাম্পৰ এই দাবীক উপহাস কৰি দাবী কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে অলীক সপোন দেখিছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু অস্ত্ৰ-শস্ত্ৰক লৈ আৰম্ভণিৰে পৰা আপত্তি আছিল ট্ৰাম্পৰ।
দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা তেওঁ ইৰাণৰ সৈতে পাৰমাণৱিক চুক্তি কৰিব বিচাৰি আছে। কিন্তু বিভিন্ন কাৰণত সেই চুক্তি কাৰ্যকৰী হোৱা নাই। ইয়াৰ মাজতে আমেৰিকাই ইৰাণৰ সৈতে সংঘাতত লিপ্ত হয়।
অৱশ্যে বৰ্তমান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চলি আছে। একে সময়তে দুয়োখন দেশৰ মাজত আলোচনাও চলি আছে। যদিও শেহতীয়াকৈ ইছলামাবাদত ইয়াৰ সমাধান বিচাৰি উলিওৱা শান্তি বৈঠকত কোনো ফল পোৱা নগ’ল, তথাপিও দ্বিতীয়বাৰৰ বাবে আলোচনাত মিলিত হোৱাৰ প্ৰস্তুতি অব্যাহত আছে।
ইয়াৰ মাজতে ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে ইৰাণে আমেৰিকাৰ সৈতে চুক্তি কৰিবলৈ অতি আগ্ৰহী আৰু সেই চুক্তিখন অতি সোনকালে চূড়ান্ত হ’ব। ইৰাণে আমেৰিকাৰ প্ৰায় সকলো চৰ্ত মানি ল’বলৈ সন্মত হোৱা বুলিও দাবী কৰিছে ট্ৰাম্পে।
ইয়াৰে এটা হ’ল, ইৰাণে মজুত কৰি ৰখা ইউৰেনিয়াম। ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে ইৰাণে শান্তি ঘূৰাই আনিবলৈ হ’লে নিজৰ পাৰমাণৱিক কাৰ্যকলাপ বন্ধ কৰিব লাগিব। কিন্তু ইৰাণে এতিয়াও নিজৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ইচ্ছুক নহয়।
এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে বুজাই দিছে। অৱশ্যে ট্ৰাম্পো নিজৰ দাবীত অটল। তেওঁ কয়, “তেওঁলোকে আমাক ‘পাৰমাণৱিক সামগ্ৰী’ ঘূৰাই দিবলৈ সন্মত হৈছে (এইটো বাক্যাংশ ট্ৰাম্পে অতি সমৃদ্ধ ইউৰেনিয়ামক বুজাবলৈ ব্যৱহাৰ কৰিছে)।”
ইফালে ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই দাবীক ‘মিছা’ বুলি উলাই কৰিছে। বিভিন্ন সংবাদ মাধ্যমে ইৰাণৰ প্ৰশাসনিক সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে চলি থকা আলোচনাত কোনো ডাঙৰ অগ্ৰগতি হোৱা নাই। তেওঁলোকে লগতে দাবী কৰে যে ইৰাণ নিজৰ চৰ্তত অটল। যদিহে চুক্তি হয় তেন্তে ইৰাণৰ চৰ্তত হ’ব ।
পাৰমাণৱিক কাৰ্য্যকলাপৰ বাবে ইউৰেনিয়াম অতি প্ৰয়োজনীয় উপাদান। পাৰমাণৱিক শক্তিৰ পৰা আৰম্ভ কৰি পাৰমাণৱিক বোমা নিৰ্মাণলৈকে সকলোতে সমৃদ্ধ ইউৰেনিয়ামৰ প্ৰয়োজন। আমেৰিকাই বিচাৰে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰি তেওঁলোকৰ সৈতে চুক্তি স্বাক্ষৰ কৰক।
অৱশ্যে ইৰাণে দাবী কৰিছে যে তেওঁলোকে শান্তিপূৰ্ণ উদ্দেশ্যত পাৰমাণৱিক কাৰ্যকলাপ চলাই আছে। কিন্তু ইৰাণে সমৃদ্ধ ইউৰেনিয়ামেৰে পাৰমাণৱিক বোমা নিৰ্মাণৰ চেষ্টা চলাইছে বুলি ট্ৰাম্পে সন্দেহ প্ৰকাশ কৰিছে।










