
দেশৰ সকলো ভাষাকে সমান গুৰুত্ব দিয়া বুলি কেন্দ্ৰই কৈ থকাৰ সময়তে মহাৰাষ্ট্ৰই (Maharashtra) একপক্ষীয়ভাৱে নতুন শাসন আনিছে। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সাৰ্নাইকে ঘোষণা কৰিছে যে ৰাজ্যৰ সকলো অটোচালকৰ (Auto driver) বাবে মাৰাঠী পঢ়িব-লিখিব (To read and write Marathi) জনাটো বাধ্যতামূলক (compulsory) হ’ব। ১ মে’ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম। এই নিয়ম অনুসৰি ৫৯টা পৰিবহণ কাৰ্যালয়ত পৰিদৰ্শনৰ সময়ত চালকসকলে মাৰাঠী পঢ়িব আৰু লিখিব পাৰেনে নোৱাৰে তাৰ পৰীক্ষা কৰা হ’ব। এই ভাষাত তেওঁলোক পাকৈত হ’ব লাগিব। অন্যথা তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স বাতিল (Driving license canceled) কৰা হ’ব। এই ঘোষণাই বিৰোধী দল আৰু শ্ৰমিক সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘোষণাক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। জনসাধাৰণৰ পৰিচয়, সাধাৰণ অটোচালকৰ জীৱিকাৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
সৰ্ব ভাৰতী কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি, মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি হৰ্ষবৰ্ধন ছাপকলে এই কথাক সমৰ্থন কৰা নাই। তেওঁৰ মতে, মাৰাঠী ভাষাৰ প্ৰতি সম্পূৰ্ণ সন্মান থাকিলেও এই বিশেষ ভাষাত দক্ষতা নাথাকিলে অনুজ্ঞাপত্ৰ বাতিল কৰাটো গ্ৰহণযোগ্য নহয়। তেওঁ অভিযোগ কৰে যে এই ঘোষণা আচলতে ৰাজনৈতিক স্বাৰ্থৰ বাবে কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যত সামাজিক বিভাজন আৰু অধিক বৃদ্ধি পাব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে। এই ঘোষণাৰ পিছতে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা সন্দীপ দেশপাণ্ডেয়ে প্ৰশ্ন উত্থাপন কৰে যে কিয় হঠাতে মাৰাঠী ভাষাক লৈ ৰাজ্য চৰকাৰ ইমান আগ্ৰাসী হৈ পৰিছে। লগতে এই ঘোষণা কেৱল ঘোষণা হৈয়ে থাকিব নালাগে বুলিও তেওঁ কয়। ইয়াক বাস্তৱত প্ৰতিফলিত কৰাটো প্ৰয়োজন।

ইফালে শিৱসেনাৰ (ইউ বি টি) মুখপাত্ৰ আনন্দ ডুবেয়ে অভিযোগ কৰি কয়, “আমি ইতিমধ্যে স্থানীয় বাসিন্দা নহোৱা সকলো অটোচালকৰ বাবে মাৰাঠী ভাষাৰ বিশদ শিক্ষা আৰম্ভ কৰিছোঁ।” তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰে এনে পদক্ষেপ লোৱা বুলিও তেওঁ কয়। আনহাতে, চালক সংঘই এই ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে। সংগঠনসমূহৰ মতে, এই নিয়মে এই বৃত্তিৰ সৈতে জড়িত আৰু মাৰাঠী ভাষাত বিশেষ পাৰদৰ্শিতা নথকা হাজাৰ হাজাৰ লোকক প্ৰভাৱিত কৰিব। তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালো পথৰ ভিক্ষাৰী হ’ব। চালকসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পৰিৱৰ্তে তেওঁলোকক মাৰাঠী শিকিবলৈ সহায় কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনকেইটাই।
ইফালে ১ মে’ৰ দিন ওচৰ চাপি অহাৰ লগে লগে এই চালকসকলৰ উদ্বিগ্নতা বাঢ়িছে। এই নিয়মে পুনৰবাৰ মুম্বাইকে ধৰি বহু চহৰৰ সাধাৰণ জনতাৰ ক্ষুধাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু এই নিয়মৰ সমৰ্থকসকলৰ মতে এই নিয়ম মাৰাঠী সংস্কৃতি আৰু অধিক শক্তিশালী কৰাৰ এক পদক্ষেপৰ অংশ। কিন্তু সমালোচকৰ দৃষ্টিত এই নিয়ম মহানগৰৰ বাহিৰৰ আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতি অন্যায় হ’ব।










