
এজন লোকৰ বিৰুদ্ধে কমেও ১৮০ নাবালিকাক (180 minor girls) যৌন নিৰ্যাতন (Sexual assault) চলোৱাৰ অভিযোগ। ইয়াৰ লগতে ৩৫০টা অশ্লীল ভিডিঅ’ নিৰ্মাণ (Pornographic video creation) কৰাৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে। বিজেপিৰ এজন সাংসদৰ অভিযোগত মহাৰাষ্ট্ৰৰ অমৰাৱতী (Amravati of Maharashtra)ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক (Accused has been arrested)। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত মহম্মদ আয়াজ ওৰফে তনবীৰ (Mohammad Ayaj alias Tanbir) হৈছে পাৰতৱাৰা চহৰৰ বাসিন্দা। পূৰ্বতে তেওঁ নাবালিকাসকলক প্ৰেমৰ ফান্দত পেলায়। ইয়াৰ পিছত পুনে বা মুম্বাইলৈ লৈ গৈ অশ্লীল ভিডিঅ’ বনায়। পিছত এই ভিডিঅ’বোৰ দেখুৱাই ব্লেকমেইল কৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। নাবালিকাক ভাবুকি দি যৌনকৰ্মী হ’বলৈ বাধ্য কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।

আনহাতে, কিছুমান ভিডিঅ’ অনলাইনত প্ৰচাৰিত হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাজ্যসভাৰ সাংসদ অনিল বণ্ডে অমৰাৱতীৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) বিশাল আনন্দক এই সন্দৰ্ভত এখন স্মাৰক-পত্ৰ দাখিল কৰে। তেওঁ কয় যে অভিযুক্তই নাবালিকাৰ সৈতে ৱাটছএপ আৰু স্নেপচ্যাটৰ জৰিয়তে ফান্দত পেলাইছিল। ইয়াৰ পিছত নিৰ্যাতন চলায়। এই ঘটনাত যদি এছ আই টি গঠন নহয় তেন্তে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিব বুলি বণ্ডে সকীয়াই দিয়ে।
ইতিমধ্যে অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত বহু সংখ্যালঘু লোক থানালৈ গৈছে। তেওঁলোকে কয় যে এনেধৰণৰ ধৃতসকলৰ বাবেই সংখ্যালঘুসকল বদনামী হয়। ইফালে ধৃত আয়াজে আছাদুদ্দিন ওৱাইছিৰ দল এম আই এম আই এমৰ কাৰ্যালয় কর্মী হিচাপে কাম কৰি থকা বুলি অভিযোগ উত্থাপন কৰি দলটোৰ সমদলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল৷ কিন্তু অভিযোগ পোহৰলৈ অহাৰ পিছত সেই সকলোবোৰ ভিডিঅ’ ডিলিট কৰে। এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।











