
চ’ত শেষ, আৰম্ভ হ’ব ব’হাগ। কিন্তু তাৰ পূৰ্বেই ইতিমধ্যে দেশত গৰমৰ পৰিৱেশ আৰম্ভ হৈছে। কিন্তু তাৰ মাজতে বতৰ বিজ্ঞান বিভাগে বাৰিষা সন্দৰ্ভত (Monsoon Rain) দিছে এক বেয়া খবৰ।

সোমবাৰে বিভাগটোৱে কয় যে এইবাৰ বাৰিষাৰ সময়ত দেশত স্বাভাৱিকতকৈ কম বৰষুণ হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগে দিয়া পূৰ্বাভাস অনুসৰি, দীৰ্ঘম্যাদী গড় বৰষুণৰ ভিত্তিত (১৯৭১ চনৰ পৰা ২০২০ চনলৈ) দেশত স্বাভাৱিক বৰষুণৰ পৰিমাণ ৮৭ চেণ্টিমিটাৰ।
সেই পৰিমাণ যদি শতাংশ হিচাপে লোৱা হয় তেন্তে বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি এইবাৰ বাৰিষাত ৯২ শতাংশ বৰষুণ হ’ব। মন কৰিবলগীয়া যে বতৰ বিজ্ঞান বিভাগে যিটো আৰ্হিৰ ওপৰত বৰষুণৰ পৰিমাণ বিচাৰ কৰে, সেয়া পাঁচ শতাংশ কম-বেছি হ’ব পাৰে। জুনৰ পৰা ছেপ্টেম্বৰলৈকে এই সময়খিনি মূলতঃ ভাৰতত বাৰিষা বুলি গণ্য কৰা হয়।
এই বাৰিষাৰ সময়ত কিমান বৰষুণ হ’ব তাৰ পূৰ্বাভাস এপ্ৰিল মাহত দিয়া হৈছে। সেই পূৰ্বাভাস অনুসৰি, বতৰ বিজ্ঞান বিভাগে কম বৰষুণৰ কথা ঘোষণা কৰিছে। সমগ্ৰ দেশৰ ছবিখন প্ৰায় একেই। পূব, উত্তৰ, উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ কিছুমান ঠাইত বাৰিষাৰ সময়ত সাধাৰণতকৈ অধিক বৰষুণ হ’ব পাৰে।
কিছুমান ঠাইত সাধাৰণ বৰষুণ হ’ব পাৰে। কিন্তু সামগ্ৰিকভাৱে সমগ্ৰ দেশত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম হ’ব। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, বাৰিষাৰ সময়ত কম বৰষুণৰ আঁৰত আছে এল নিনো। জুন মাহত ভাৰতত এল নিনোৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাবে স্বাভাৱিকতকৈ কম বৰষুণৰ সম্ভাৱনা আছে।
অৱশ্যে বতৰ বিজ্ঞান বিভাগে আশাৰ ৰেঙণিও দেখিছে। বাৰিষাৰ দ্বিতীয় অংশত ভাৰত মহাসাগৰত ‘পজিটিভ ইণ্ডিয়ান অ’চেন ডাইপ’ল’ গঠন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে পৰিস্থিতি সলনি হ’ব পাৰে। অৱশ্যে বৰ্তমান বতৰ বিজ্ঞান বিভাগে এতিয়াই এইটো নিশ্চিত কৰিব পৰা নাই।










