
ইছলামাবাদৰ বৈঠক বিফল হ’লেও আমেৰিকা আৰু ইৰাণে আলোচনাৰ (Iran US Talks) দুৱাৰ মুকলি ৰাখিছে। অতি সোনকালে দুয়োখন দেশৰ মাজত দ্বিতীয়লানি আলোচনা হ’ব পাৰে।

আমেৰিকাৰ বিষয়া আৰু কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা এ পিয়ে প্ৰকাশ কৰিছে যে অহা বৃহস্পতিবাৰে ৱাশ্বিংটন আৰু তেহৰানে আৰু এটা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব পাৰে। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ আলোচনা পাকিস্তানত হ’ব নে আন ঠাইত হ’ব সেয়া স্পষ্ট হোৱা নাই।
বিভিন্ন সূত্ৰৰ মতে, যোৱা সপ্তাহৰ বৈঠকত প্ৰায় ৮০ শতাংশ বুজাবুজিত উপনীত হোৱা বুলি ৰয়টাৰে প্ৰকাশ কৰিছে। যোৱা সপ্তাহত ইছলামাবাদৰ এখন অভিজাত হোটেলত প্ৰায় ২০ ঘণ্টা ধৰি আমেৰিকা আৰু ইৰাণৰ বৈঠক অনুষ্ঠিত হয়। পাকিস্তানে তাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে।
অৱশ্যে সেই দীঘলীয়া বৈঠকৰ পৰা কোনো সমাধান উলিয়াব পৰা নগ’ল। এ পিয়ে প্ৰকাশ কৰা অনুসৰি, আলোচনা বিফল হ’লেও ৱাশ্বিংটন আৰু তেহৰান কূটনৈতিক পৰ্যায়ত দুয়ো দুয়োৰে সংস্পৰ্শত আছে। অৱশ্যে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ‘হৰমুজৰ অৱৰোধ’ আৰম্ভ কৰিছে।
তেওঁ সকীয়াই দিছে যে ইৰাণৰ যিকোনো জাহাজ ওচৰলৈ আহিলে উৰুৱাই দিয়া হ’ব। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও ইৰাণৰ ওপৰত “অৰ্থনৈতিক সন্ত্ৰাসবাদ” সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী যে এতিয়া বলটো ইৰাণৰ ক’ৰ্টত আছে।
ইফালে ২২ এপ্ৰিলত আমেৰিকা আৰু ইৰাণৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতিৰ অন্ত পৰিব। ইছলামাবাদৰ বৈঠক বিফল হোৱাৰ লগে লগে যুদ্ধবিৰতিৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে সংবাদ সংস্থা ৰয়টাৰে এই পৰিঘটনাৰ সৈতে জ্ঞাত ১১টা সূত্ৰৰ সৈতে কথা পাতি আলোচনাৰ পথ এতিয়াও মুকলি বুলি কয়।
বৈঠকৰ সৈতে পৰিচিত সূত্ৰই জনোৱা মতে, আলোচনা অনুষ্ঠিত হোৱা ইছলামাবাদৰ হোটেলখনৰ মূল কোঠাটোত ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। ফলত ভেন্স, ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফ আৰু অন্যান্য প্ৰতিনিধিয়ে বিৰতিৰ সময়ত কোঠাটোৰ পৰা ওলাই আহি নিজৰ নিজৰ দেশলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।
পাকিস্তান চৰকাৰৰ এক সূত্ৰই ৰয়টাৰক জনোৱা মতে, আলোচনাৰ এটা পৰ্যায়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে কিছু ইতিবাচক অগ্ৰগতি হোৱাটো নিশ্চিত যেন লাগিছিল। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হয়। আন এটা সূত্ৰই দাবী কৰিছে যে দুয়োপক্ষই বুজাবুজিৰ “অতি ওচৰ চাপিছে”।
সূত্ৰটোৰ মতে, প্ৰায় ৮০ শতাংশ বুজাবুজিত উপনীত হৈছিল। কিন্তু শেষ মুহূৰ্তত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ’ল, যিবোৰ আলোচনাৰ জৰিয়তে তৎক্ষণাত সমাধান কৰিব পৰা নগ’ল।
যোৱা সপ্তাহত ইছলামাবাদৰ এখন হোটেলত আমেৰিকা আৰু ইৰাণৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল।
এনে উচ্চ পৰ্যায়ৰ চৰকাৰী পৰ্যায়ত দুয়োখন দেশৰ মাজত এক দশকৰো অধিক সময়ৰ ভিতৰত প্ৰথমখন মুখামুখি বৈঠক আছিল। দাবী কৰা হৈছে যে ১৯৭৯ চনৰ ইৰাণৰ বিপ্লৱৰ পিছত ৱাশ্বিংটন আৰু তেহৰানৰ মাজত এইখন সৰ্বোচ্চ পৰ্যায়ৰ কূটনৈতিক আলোচনা।
জ্ঞাত সূত্ৰৰ মতে, ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, ইছলামাবাদৰ ছেৰেনা হোটেলত তিনিটা কোঠাত এই বৈঠকৰ আয়োজন কৰা হৈছিল। এটা আমেৰিকাৰ বাবে, এটা ইৰাণৰ বাবে আৰু তৃতীয়টো পাকিস্তানী মধ্যস্থতাকাৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনাৰ বাবে বুকিং কৰা হৈছিল।
দাবী কৰা হৈছে যে আলোচনাত আটাইতকৈ বেছি গুৰুত্ব দিয়া এটা বিষয় আছিল হৰমুজ প্ৰণালী। ইয়াৰ উপৰি ইৰাণৰ পাৰমাণৱিক কাৰ্যকলাপ আৰু তেহৰানৰ ওপৰত আৰোপ কৰা আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ বিষয়টোও আলোচনাৰ বাবে আহিছিল।










