
আৰু কেইঘণ্টামান অপেক্ষাৰ অন্তত কাইলৈ ভাৰতত উপস্থিত হ’ব ‘জগ বিক্ৰম’ (Jag Bikram) তেল টেংকাৰ (Oil tanker)। যোৱা সপ্তাহৰ শেষৰ ফালে ই হৰমুজ প্ৰণালী (Strait of Hormuz)ৰ মাজেৰে পাৰ হৈ গৈছিল। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে সমগ্ৰ দেশতে এলপিজি সংকটৰ আশংকা থকা সময়ত ভাৰতত উপস্থিত (Present in India) হৈছে ‘জগ বিক্ৰম’।
উল্লেখযোগ্য যে যোৱা শনিবাৰে ভাৰতীয় তেল টেংকাৰ ‘জগ বিক্ৰম’ নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছিল। এই জাহাজখনে ২০,৪০০ টন এলপিজি সামগ্ৰী আৰু ২৪ জন নাৱিক কঢ়িয়াই লৈ আহিছে। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰিছিল যে ১৫ এপ্ৰিলত ই মুম্বাইত উপস্থিত হ’ব।

সোমবাৰে জানিব পৰা মতে কাইলৈ অৰ্থাৎ ১৪ এপ্ৰিল মঙলবাৰে ‘জগ বিক্ৰম’ গুজৰাটৰ বন্দৰত উপস্থিত হ’ব।উল্লেখযোগ্য যে ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতিৰ পিছত হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা প্ৰথমখন তেল টেংকাৰ হৈছে ‘জগ বিক্ৰম’।
ইফালে ২১ ঘণ্টাৰ অবিৰত বৈঠকৰ পিছতো ইৰাণ সমস্যা সমাধান সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা নহ’ল। যুদ্ধবিৰতিৰ মাজতে ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা বৈঠক বিফল হয়। দেওবাৰে পুৱা ইছলামাবাদৰ পৰা ৱাশ্বিংটনলৈ ৰাওনা হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। ইয়াৰ লগতে ইৰাণেও কয় যে তেওঁলোকে আমেৰিকাৰ অন্যায় দাবীক স্পষ্টভাৱে ‘না’ বুলি কৈছে।










