
ভোটাধিকাৰ কোনো মৌলিক অধিকাৰ নহয়। উচ্চতম ন্যায়ালয়ে (Supreme Court) এই কথা স্পষ্ট কৰি দিছে। ভোটাধিকাৰ বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ কেতিয়াও নিৰপেক্ষ অধিকাৰ নহয় বুলি মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে। বৰঞ্চ সেইবোৰ বিধিগত অধিকাৰ, যিটো সংশ্লিষ্ট আইনে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি প্ৰযোজ্য।

উচ্চতম ন্যায়ালয়ত চলি আছিল ৰাজস্থানৰ এখন সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কীয় এটা গোচৰ। যোৱা শুকুৰবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে। তাত দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে ভোটাধিকাৰ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দুয়োটা সুকীয়া অধিকাৰ বুলি কয়।
এই অধিকাৰসমূহ সাংবিধানিকভাৱে নিশ্চিত নহয়, বৰঞ্চ কিছুমান বিধিগত বিধানৰ (আইনৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম) দ্বাৰাহে নিশ্চিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ে এই অধিকাৰ নিৰপেক্ষ নহয় বুলিও কয়। এই অধিকাৰসমূহ আইনৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তৰ অধীনত।
দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয়, “ভোটদানৰ অধিকাৰ বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ কোনোটোৱেই মৌলিক অধিকাৰ নহয় আৰু ইতিমধ্যে সুপ্ৰতিষ্ঠিত। এইবোৰ বিশুদ্ধ বিধিগত অধিকাৰ। এই অধিকাৰ আইনত উল্লেখ কৰা বিষয়ৰ মাজতে সীমাবদ্ধ।”
ৰাজস্থানৰ ‘ডিষ্ট্ৰিক্ট মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিফ ইউনিয়ন’-এ ইয়াৰ পৰিচালনা সমিতিৰ নিৰ্বাচন সন্দৰ্ভত কিছু উপ-বিধি (নিজৰ আইন) প্ৰৱৰ্তন কৰিছিল। তাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে কিছু যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰা হৈছিল।
প্ৰথম অৱস্থাত এই গোচৰ চলি আছিল ৰাজস্থান উচ্চ ন্যায়ালয়ত। উচ্চ ন্যায়ালয়ে সেই উপ-বিধিসমূহ বাতিল কৰে। ইয়াৰ পিছতে গোচৰটো উচ্চতম ন্যায়ালয়লৈ যায়। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ইতিমধ্যে ৰাজস্থান সমবায় সমিতি আইনৰ অধীনত এনে সমস্যা সমাধানৰ ব্যৱস্থা আছে।
সেই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বিশ্বাস কৰে যে সেই যোগ্যতাৰ মাপকাঠীসমূহ ‘অবৈধ’ বুলি বাতিল কৰি উচ্চ ন্যায়ালয়ে সঠিক সিদ্ধান্ত লোৱা নাই। উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে এইকথাও কয় যে উক্ত উপ-বিধিসমূহে কেৱল সদস্যসকলৰ অংশগ্ৰহণৰ বাবে যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰিছিল।
তেওঁলোকে কোনো ধৰণে ভোটাধিকাৰক বাধা দিয়া নাই। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে। উচ্চতম ন্যায়ালয়ে ডিষ্ট্ৰিক্ট মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিফ ইউনিয়নৰ নিজা আইনৰ বৈধতা বাহাল ৰাখিছে।










