
কংগ্ৰেছ নেতা পৱন খেৰালৈ (Pawan Khera) সাময়িক সকাহ। অসমত ৰুজু হোৱা এক গোচৰত তেলেংগানা উচ্চ ন্য়ায়ালয়ে কংগ্ৰেছ নেতাগৰাকীক এসপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ অভিযোগ সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষীৰ ওচৰত ৰিণিকি ভূঞাই অভিযোগ দাখিল কৰিছিল।
এই অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে খেৰাৰ বিৰুদ্ধে ৰুজু কৰি আৰক্ষীৰ এটা দলে তেওঁক সোধা-পোছাৰ বাবে দিল্লীলৈ গৈছিল৷ কিন্তু গোচৰ ৰুজু হোৱাৰ পিছতেই পৱন খেৰাই আত্মগোপন কৰে। তাৰ পিছত তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনায়।
এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুজানা কালাচিকামে কয় যে আবেদনকাৰীক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰা হৈছে। তেওঁক এসপ্তাহৰ বাবে চৰ্তসাপেক্ষে সকাহ প্ৰদান কৰা হৈছে।
উল্লেখ্য যে খেৰাৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখাত ভাৰতীয় ন্য়ায় সংহিতাৰ ধাৰা ১৭৫ (নিৰ্বাচনৰ সৈতে জড়িত ভুৱা বক্তব্য), ধাৰা ৩৫ (প্ৰতিষ্ঠান আৰু সম্পত্তিৰ ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ) আৰু ধাৰা ৩১৮ (প্ৰতাৰণা)কে ধৰি কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে।
উল্লেখ্য যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয়ে নেতাগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে যোৱা ৫ এপ্ৰিলত মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি থকাৰ অভিযোগ তুলি কৈছিল যে এই তথ্যবোৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী শপতনামাত ঘোষণা কৰা হোৱা নাছিল।










