
নীৰৱতা ভংগ কৰিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। বৃহস্পতিবাৰে তেওঁ ছ’চিয়েল মিডিয়াত ইজৰাইলক ‘কেন্সাৰ’ৰ সৈতে তুলনা কৰি এটা পোষ্ট দিছিল। স্বাভাৱিকতে এই পোষ্টটোৱে আলোড়নৰ সৃষ্টি কৰে।

বৃহস্পতিবাৰে মাজনিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই মন্তব্যক সমালোচনা কৰি এক বিবৃতি প্ৰকাশ কৰে। উল্লেখ্য যে শুকুৰবাৰে পুৱা দেখা গ’ল যে বিতৰ্কিত পোষ্টটো ডিলিট কৰা হৈছে।
উল্লেখ্য যে আমেৰিকা আৰু ইৰাণৰ মাজৰ সংঘাত বন্ধ কৰিবলৈ পাকিস্তানে মধ্যস্থতাৰ ভূমিকা পালন কৰিছে। সংশ্লিষ্ট সকলো পক্ষই শনিবাৰে ইছলামবাদত বৈঠকত মিলিত হোৱাৰ কথা।
আমেৰিকা আৰু ইৰাণৰ মাজত দুসপ্তাহ ধৰি যুদ্ধবিৰতি থকাৰ পাছতো ইজৰাইলে লেবাননত ইৰাণ সমৰ্থিত গোট হিজবুল্লাৰ ঘাটিত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াকে লৈ বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।
বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিখিছে, “প্ৰথমে গাজা, তাৰ পিছত ইৰাণ আৰু এতিয়া লেবানন, নিৰীহ লোকক ইজৰাইলে হত্যা কৰিছে।”
একে সময়তে তেওঁ ইজৰাইলক তীব্ৰ সমালোচনা কৰি লিখে, “মোৰ প্ৰাৰ্থনা যে যিসকলে পেলেষ্টাইনী ভূমিত ইউৰোপীয় ইহুদীসকলৰ বাবে এই দেশখনক কৰ্কট ৰোগৰ দৰে সৃষ্টি কৰিছিল, তেওঁলোকে নৰকত জ্বলক।” তেওঁ ইজৰাইলক “চয়তান” আৰু “মানৱতাৰ শত্ৰু” বুলিও তীব্ৰ সমালোচনা কৰে।
এই পোষ্টটোৰ পিছতে নেতানিয়াহুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয়, “নিৰপেক্ষ মধ্যস্থতাকাৰী বুলি দাবী কৰা দেশৰ চৰকাৰৰ এনে মন্তব্য সহ্য নকৰে।” ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰ-অ’ই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যক সমালোচনা কৰে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত নেতানিয়াহুৰ মন্ত্ৰীসভাৰ সদস্যগৰাকীয়ে লিখিছে, “সকলো সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ধ্বংস বিচাৰে , আমি সকলোৰে বিৰুদ্ধে যুঁজিব জানো।” উল্লেখ্য যে ইজৰাইলৰ এই কঠোৰ বাৰ্তাৰ পিছতে বিতৰ্কিত পোষ্টটো ডিলিট কৰা হয়। এই দুয়োটা ঘটনাৰ মাজত কোনো সম্পৰ্ক আছে নেকি সেয়া অৱশ্যে স্পষ্ট হোৱা নাই।
পোষ্টটো ডিলিট কৰাৰ কাৰণ সন্দৰ্ভত শ্বাহবাজ চৰকাৰে বা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও একো কোৱা নাই।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দাবী কৰিছিল যে যুদ্ধবিৰতিৰ মূল বিষয়সমূহৰ ভিতৰত লেবাননৰ বিষয়টোও অন্যতম।
নেতানিয়াহুৰ যুদ্ধবিৰতিৰ পদক্ষেপক সমৰ্থন কৰাৰ সময়ত তেওঁ কয় যে লেবাননক অন্তৰ্ভুক্ত কৰা হোৱা নাই। একেই কথা কয় ইৰাণৰ সৈতে শান্তি আলোচনাত আমেৰিকাৰ প্ৰতিনিধি আৰু দেশখনৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও।
ইৰাণে অৱশ্যে দাবী কৰিছে যে যুদ্ধবিৰতিৰ চৰ্ত হৈছে সকলোতে আক্ৰমণ বন্ধ কৰা। এই চাপৰ মাজতে বাতৰিত প্ৰকাশ পাইছে যে বিগত দুদিনত লেবাননত ইজৰাইলৰ আক্ৰমণত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে হাজাৰোধিক লোক। সৰ্বাধিক লোকৰ মৃত্যু হৈছে লেবাননৰ ৰাজধানী বেহৰুটত।
এই আক্ৰমণৰ প্ৰতিবাদত ইৰাণে পুনৰ হৰমুজ প্ৰণালী ‘অৱৰোধ’ কৰিছে। অৱশ্যে বৃহস্পতিবাৰে নেতানিয়াহুৱে ইজৰাইলৰ মন্ত্ৰীসকলক হিজবুল্লাক নিৰস্ত্ৰ কৰাৰ বাবে লেবানন চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ কয়। অহা সপ্তাহত ৱাশ্বিংটনত দুয়োখন দেশৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব পাৰে।










