
নিৰ্বাচন আয়োগ (Election Commision of India) আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত হোৱা শীতল যুদ্ধ ভাৰতৰ ৰাজনীতিৰ দীৰ্ঘদিনীয়া বৈশিষ্ট্য যদিও আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ব্যাপক আৰু অভূতপূৰ্ব আমোলাতান্ত্ৰিক সালসলনিয়ে নাটকীয় ৰূপ লৈছে।

যোৱা ৮ এপ্ৰিলত ভাৰতৰ নিৰ্বাচন আয়োগে বিৰোধীশাসিত ৰাজ্যসমূহৰ শীৰ্ষ আমোলাসকলক অপসাৰণৰ কঠোৰ নিৰ্দেশ জাৰি কৰি দেশৰ ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।
তামিলনাডুৰ চৰকাৰৰ দুটা মূল স্তম্ভ মুখ্য সচিব এন মুৰুগানন্দম আৰু আৰক্ষী সঞ্চালক প্ৰধান (সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী) এছ ডেভিডছন দেৱ আছিৰৱাদক বদলি কৰাটো শাসকীয় ডি এম কেৰ বাবে এক বৃহৎ আঘাত। এম সাই কুমাৰ আৰু প্ৰবীণ আই পি এছ বিষয়া সন্দীপ মিট্টালক তেওঁলোকৰ ঠাইত দায়িত্ব দিয়া হৈছে।
যদিও আয়োগে এই সালসলনিক “নিৰ্বাচনৰ প্ৰস্তুতি” বুলি অভিহিত কৰিছে, তথাপিও ভোট গণনা নোহোৱালৈকে অপসাৰণ কৰা বিষয়াসকলক কোনো নিৰ্বাচনী কৰ্তব্যত ৰাখিব নোৱাৰিব বুলি জাৰি কৰা নিৰ্দেশনাৰ পৰাই এই পদক্ষেপৰ গুৰুত্ব বুজিব পাৰি।
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাক লৈ ক্ষোভেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ এই পদক্ষেপক ‘অকৰ্তৃত্বশীল’ আৰু ‘পক্ষপাতদুষ্ট’ বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে।
ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্টত ষ্টেলিনে অভিযোগ কৰে যে আয়োগে আমোলাতন্ত্ৰ ব্যৱহাৰ কৰি বিজেপি আৰু এআইএডিএমকেৰ মিত্ৰতাক নিৰ্বাচনী অনিয়মৰ ব্লুপ্ৰিণ্ট সফল কৰিবলৈ অত্যন্ত আগ্ৰহী হৈ পৰিছে। ২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।
তাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে চৰকাৰী শীৰ্ষ বিষয়াক অপসাৰণে প্ৰশাসনিক স্থিতিশীলতাত ব্যাঘাত জন্মাব পাৰে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে মূল বিৰোধী দল এ আই এ ডি এম কেয়ে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু মুক্ত নিৰ্বাচনৰ স্বাৰ্থত এয়া এক প্ৰয়োজনীয় পদক্ষেপ বুলি উল্লেখ কৰিছে।
অৱশ্যে পশ্চিমবংগও এই বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে। তৃণমূল কংগ্ৰেছশাসিত ৰাজ্যখনত আয়োগে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি একেলগে ৪৮৩ গৰাকী প্ৰশাসনিক আৰু আৰক্ষী বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিছে। যদিও কলিকতা উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ মানি লৈছে, তথাপিও তৃণমূলৰ নেতৃত্বই দাবী কৰিছে যে এইটো আচলতে কেন্দ্ৰত থকা বিজেপি চৰকাৰক অতিৰিক্ত সুবিধা প্ৰদানৰ কৌশল।
বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰাৰ মূল কাৰণ হৈছে অসমৰ ছবিখন। বিজেপিশাসিত অসমত এই বদলিৰ হাৰ আচৰিত ধৰণে নগণ্য। অসমত মাত্ৰ পাঁচগৰাকী জিলা আৰক্ষী অধীক্ষক আৰু দুজনমান স্থানীয় বিষয়াক বদলি কৰা হৈছে।
কিন্তু বিৰোধী ৰাজ্যসমূহত বৃহৎ মাত্ৰাত বদলি হৈ থকাৰ সময়তে বিজেপিশাসিত ৰাজ্যসমূহত আয়োগৰ নৰম মনোভাবক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইভিএম পৰিচালনাৰ পৰা আৰম্ভ কৰি ভোটাৰ তালিকালৈকে প্ৰতিটো বিষয়তে আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।









