
আজি পুৱা ১০.৩০ বজাত ঘোষণা হয় ২০২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল (HSLC Result 2026) ৷ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২,৮১,৭০১ গৰাকী উত্তীৰ্ণ হয়৷ উল্লেখ্য যে এইবাৰ পৰীক্ষাত ১,৮৬,৪৬৮ গৰাকী ছাত্ৰৰ বিপৰীতে ২,৪২,৭৮১ গৰাকী অৱতীৰ্ণ হৈছিল। আনহাতে, উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ৷

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ৮,৫১৮৯ গৰাকী, দ্বিতীয় বিভাগত ১,৫০,১৬৭ গৰাকী আৰু তৃতীয় বিভাগত ৪৬,৩৪৫ গৰাকী উত্তীৰ্ণ হয়।
জিলা হিচাপত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ডিমা হাচাও জিলাত। জিলাখনত উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.২৩ শতাংশ । আনহাতে, ৪৯.১৩ শতাংশৰে কাছাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন। ইফালে ৮৪.০৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ দ্বিতীয় আৰু ৭৮.৪৬ শতাংশ হাৰেৰে ডিব্ৰুগড়ে তৃতীয় স্থান লাভ কৰে।
উল্লেখ্য যে যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত পূৰ্বৰ দৰে কোনো ৰেংকিঙৰ ব্যৱস্থা নাই যদিও ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰে বজালীৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে।
আনহাতে, দ্বিতীয় স্থান লাভ কৰে বিশ্বনাথ জিলাৰ হাৱাজানৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞা আৰু তৃতীয় স্থান দখল কৰে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ ফাৰাহ ইছলাম আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখতাৰে৷









