
বৃহস্পতিবাৰে অসমৰ লগতে কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ (Assembly Election) ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ উপৰি তিনিখন ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷

কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাত উপনিৰ্বাচন অনুষ্ঠিত হৈছে৷ অৱশ্যে গোৱাতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল যদিও আদালতৰ নিৰ্দেশৰ পিছত সেয়া বাতিল কৰা হয়।
১৪০ খন আসনৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা কেৰালাত মুঠ ৮৯০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যখনত ভোটাৰৰ সংখ্যা ২.৭ কোটিৰো অধিক।
আনহাতে, পুডুচেৰী বিধানসভাৰ ৩০ খন আসনৰ বাবে বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু মুঠ ২৯৪ জন প্রার্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷









