
ৰাজস্থানৰ জয়পুৰ (Jaipur of Rajasthan)ত এগৰাকী বিদেশী পৰ্যটকক (Foreign tourists) হাৰাশাস্তি কৰাৰ অভিযোগ (Accusation of harassment) উত্থাপন হৈছে ৫জন লোকৰ বিৰুদ্ধে। ইয়াৰে এজন অভিযুক্ত নাবালক। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ (Arrest the accused) কৰা হৈছে। বাকী তিনিজন অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে।
আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। এগৰাকী জাপানী মহিলা (Japanese woman) ৰাজস্থানৰ জয়পুৰৰ জয়গড় দুৰ্গ পৰিদৰ্শন কৰিবলৈ যায়। দুৰ্গটো পৰিদৰ্শন কৰাৰ পিছত তেওঁ ওলাই আহি তাৰ চাৰিওফালে ঘূৰি ফুৰিছিল।

তেওঁক অকলে দেখি পাঁচজন মানুহে তেওঁক অনুসৰণ কৰে। অলপ খালী ঠাই দেখি অভিযুক্তই পৰ্যটকগৰাকীক ঘেৰি ধৰি তেওঁৰ লগত বেয়া আচৰণ কৰে। বিভিন্ন ধৰণে তেওঁক হাৰাশাস্তি কৰে। পৰ্যটকগৰাকীয়ে চিঞৰি উঠাত ওচৰৰ এজন নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয়। ইফালে তেওঁক অহা দেখি অভিযুক্তই পলায়ন কৰে।
এই সন্দৰ্ভত জয়পুৰ আৰক্ষীৰ অতিৰিক্ত উপায়ুক্ত নীৰজ পাঠকে কয়, “এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এজন নাবালকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী অভিযুক্তক বিচাৰি থকা হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।”











