
নাবালকিকা ছোৱালীজনীক পেহীয়েকে ডাঙৰ-দীঘল কৰিছে। কিন্তু তেওঁ গৰ্ভৱতী। তেওঁৰ ককায়েকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। সংবাদ সূত্ৰ মতে, ভতিজীৰ পৰা সকলো তথ্য জানিব পাৰি মঙলবাৰে মাতৃগৰাকীয়ে নিজেই পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ (Rape case against son) ৰুজু কৰে। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ (Maharajganj, Uttar Pradesh) জিলাত সংঘটিত হৈছে এই ঘটনা।

সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি, ভিটৌলী থানাৰ অন্তৰ্গত এখন দুৰ্গম গাঁৱত সংঘটিত হৈছে এই ঘটনা। ছোৱালীজনীয়ে কম বয়সতে মাকক হেৰুৱাইছিল। দেউতাকৰ অসৎ আচৰণৰ বাবে নাবালিকাজনী সৰুৰে পৰা পেহীয়েকৰ লগত ডাঙৰ-দীঘল হৈছিল। অৱশ্যে ছোৱালীজনী গৰ্ভৱতী হোৱাৰ লগে লগে তেওঁ পেহীয়েকক ঘটনাটোৰ কথা কয়। অভিযোগ অনুসৰি, ছোৱালীজনীৰ ককায়েকে বিভিন্ন অজুহাতত যৌন নিৰ্যাতন চলাইছিল। তেওঁক ভাবুকিও দিছিল।
জানিব পৰা মতে, সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি মহিলাগৰাকী সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰে। ইয়াৰ পিছত মহিলাগৰাকীয়ে ভতিজীক লৈ পোনে পোনে আৰক্ষীৰ ওচৰলৈ যায়। ভতিজীৰ লগত কৰা অন্যায়ৰ ন্যায় বিচাৰি পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযুক্তক আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছে।










