
এলপিজি কঢ়িয়াই অনা আন এখন টেংকাৰে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। যোৱা ২ এপ্ৰিলত ইৰাণৰ পৰা আন এখন টেংকাৰ (Iran War) মাংগালুৰুত উপস্থিত হয়। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে, উক্ত জাহাজৰ পৰা এলপিজি নমোৱাৰ কাম আৰম্ভ হৈছে। হয়তো যোৱা সাত বছৰৰ ভিতৰত এইটোৱেই প্ৰথমবাৰৰ বাবে ইৰাণৰ পৰা ইন্ধন ক্ৰয় কৰা হৈছে।

আনহাতে, শনিবাৰে কেন্দ্ৰীয় চৰকাৰে পুনৰ দেশবাসীক আহ্বান জনাই কয় যে উদ্বিগ্ন হৈ ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল ক্ৰয় কৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰি প্ৰতিঘৰ আৰু জৰুৰীকালীন অৱস্থাত ৰন্ধন গেছ যোগান ধৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে।
এই সন্দৰ্ভত ক’লা বজাৰ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও চৰকাৰে জনাইছে। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে এলপিজি জাহাজ গ্ৰীণ ছুনভিয়ে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। ইয়াত ৪৬,৬৫০ টন এলপিজি আছে। জাহাজখনত ২৬ জন নাৱিক আছে।
২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰাৰ পিছত ইৰাণে হৰমুজ অৱৰোধ কৰে। উক্ত সংঘাতৰ মাজতে ভাৰত অভিমুখী সাতখন জাহাজে এতিয়ালৈকে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। হৰমুজৰ পশ্চিম দিশত এতিয়াও ১৭ খন জাহাজ অপেক্ষা কৰি আছে। সোইবোৰৰো গন্তব্যস্থান ভাৰত।
আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক্স পোষ্টৰ জৰিয়তে জনোৱা মতে, যোৱা ২ এপ্ৰিলত ছি বাৰ্ড জাহাজখন ৪৪ হাজাৰ টন এলপিজি লৈ মাংগালুৰুত উপস্থিত হয়। ইয়াৰ পৰা এলপিজি নমাই অনাৰ কাম চলি আছে। শীঘ্ৰে দেশত এলপিজিৰ যোগান বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শনিবাৰে কয় যে দেশবাসীক পেট্ৰ’ল আৰু ৰন্ধন গেছৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই। অৱশ্যে সঞ্চয়ৰ পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। একে সময়তে কেন্দ্ৰই চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ কৈছে।
কেন্দ্ৰীয় চৰকাৰে জনাইছে যে ক’লা বজাৰ বন্ধ কৰিবলৈ সমগ্ৰ দেশৰ ৩৭০০ স্থানত অভিযান চলোৱা হৈছে। এলপিজি বিতৰকলৈ ১০০০ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশত এলপিজিৰ নাটনি ঘটা নাই।









