
এইবাৰ পাকিস্তানৰ লক্ষ্যত কলকাতা নেকি (Pak Threat To India) ? পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ ইংগিত তেনেকুৱাই। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ স্পষ্টকৈ কয়, “অন্তিম সময়ত যদি ভাৰতে কোনো ভুৱা অজুহাতত পাকিস্তানত অভিযান চলায়, তেন্তে আমি সেয়া কলকাতা পৰ্যন্ত লৈ যাম।”

যোৱা বছৰ কাশ্মীৰৰ পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্কৰ আৰু অধিক অৱনতি ঘটিছে। সেই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত বুলি অভিযোগ কৰি নতুন দিল্লীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে প্ৰতিশোধ লয়।
যোৱা বছৰৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া সংঘৰ্ষ হৈছিল। যদিও পিছত যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে সংঘাতৰ অন্ত পৰে, তথাপিও উত্তেজনা আৰু সম্পৰ্কৰ স্খলন অব্যাহত আছে। যুদ্ধবিৰতিৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন মন্ত্ৰীয়ে বাৰে বাৰে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ কথা কৈ আহিছে। কেতিয়াবা প্ৰত্যক্ষভাৱে পাকিস্তানৰ নাম উল্লেখ কৰি আৰু কেতিয়াবা পৰোক্ষভাৱে নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে ভাৰতে আৰু প্ৰতিৰক্ষামূলক ভূমিকা গ্ৰহণ নকৰে। বৰঞ্চ ই ‘ঘৰত সোমাই মাৰিব’।
অৰ্থাৎ ভাৰতে সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্ত গ্ৰহণ নকৰে বুলি স্পষ্টকৈ ক’বলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও একেধৰণৰ ভাবুকি দিয়ে। এইবাৰ আছিফৰ কণ্ঠটো সতৰ্কবাণীৰ উত্তৰ শুনা গ’ল।
দুদিনমান আগতে তেওঁ এটা সাক্ষাৎকাৰত কয়, “ভাৰতে যদি ভাবিছে যে তেওঁলোকে আমাৰ দেশত প্ৰৱেশ কৰি কাৰোবাক হত্যা কৰিব, তেন্তে আমি মৌন হৈ নাথাকো। ভাৰতত প্ৰৱেশ কৰি হত্যা কৰাৰ ক্ষমতাও আমাৰ আছে।” উক্ত সাক্ষাৎকাৰৰ প্ৰতিধ্বনি পুনৰ শুনা গ’ল পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ কণ্ঠত।
সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ দাবী কৰে যে ভাৰতে মিছা অজুহাতত নিজৰ মানুহ বা তাত আবদ্ধ হৈ থকা পাকিস্তানীক লৈ অভিযান চলোৱাৰ পৰিকল্পনা কৰা বুলি তথ্য লাভ কৰিছে। যদিও আছিফে সেই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰা নাই। অৱশ্যে ভাৰতে যদি অভিযান চলায় তেন্তে প্রতিক্রিয়াৰ প্রভাৱ কলকাতালৈ বিয়পিব বুলি তেওঁ সকীয়াই দিয়ে।










