
তেলেংগানা (Telangana)ৰ এটা ছুইমিং পুলৰ পৰা উদ্ধাৰ (Rescue in the swimming pool) হৈছে এগৰাকী মহিলা আৰু তেওঁৰ দুগৰাকী কন্যাৰ (A woman and her two daughters) মৃতদেহ (Deathbody)। বুধবাৰে তেলেংগানাৰ ৱাৰংগালত সংঘটিত ঘটনাত নতুন তথ্য পোহৰলৈ আহে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে ছুইমিং পুলত ডুব গৈ তিনিজন লোকৰ মৃত্যু হোৱা নাই বুলি জানিব পাৰিছে। বৰঞ্চ তিনিওগৰাকীকে পানীত ডুবাই হত্যা কৰা হৈছিল। ইয়াৰ পিছত অভিযুক্তই ঘটনাটোক দুৰ্ঘটনা বুলি অভিহিত কৰিবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম আজহাৰুদ্দিন (Azharruddin)। গৰ্ভৱতী পত্নী আৰু দুগৰাকী কন্যাক হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ৱাৰংগল-খাম্মান ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত আজহাৰুদ্দিনৰ ঘৰ। কোনো আলহী আহিলে সেই ঘৰতে থকাৰ ব্যৱস্থা কৰা হয়। ঘৰটোত এটা ছুইমিং পুল আছে। বুধবাৰে নিশা দুই কন্যাৰ সৈতে তালৈ গৈছিল আজহাৰৰ পত্নী ফাৰহাদ। আজহাৰ আৰু পৰিয়ালৰ বাকী সদস্যসকলো তাতেই আছিল। ফাৰহাদে ছোৱালী দুজনীৰ সৈতে ছুইমিং পুলৰ কাষত আড্ডা মাৰি আছিল।
পৰৱৰ্তী সময়ত ফাৰহাদ আৰু তেওঁৰ দুগৰাকী কন্যাৰ মৃতদেহ তাৰ পৰা উদ্ধাৰ হয়। ইতিমধ্যে পানীত ডুব যোৱাৰ এটা গোচৰ ৰুজু কৰা হৈছিল। কিন্তু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি আজহাৰক সোধা-পোছাৰ বাবে আটক কৰে। ইয়াৰ পিছতে তেওঁ দাবী কৰে যে ফাৰহাদে তেওঁৰ দুই কন্যাৰ সৈতে পিছলি পানীত পৰি যায়। কিন্তু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সময়ত আৰক্ষীয়ে কয় যে প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে যে এইটো এটা হত্যাকাণ্ড। তদন্তৰ সময়ত আজহাৰুদ্দিনে পুত্ৰ সন্তান বিচৰা বুলি জানিব পৰা গৈছে। কিন্তু যেতিয়া সেইটো নহ’ল, তেতিয়া স্বামী-স্ত্ৰীৰ মাজত বিবাদ আৰম্ভ হয়। লগতে ফাৰহাদক গৰ্ভপাত কৰিবলৈ বাধ্য কৰোৱা বুলিও অভিযোগ উত্থাপন হৈছে। কিন্তু যেতিয়া ফাৰহাদে মান্তি নহ’ল তেতিয়া তেওঁক কন্যা দুগৰাকীৰ সৈতে ছুইমিং পুলত ডুৱাই হত্যা কৰা হয়। অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।











