
তৃতীয়খন পাৰমাণৱিকচালিত ছাবমেৰিনক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। শুকুৰবাৰে বিশাখাপট্টনমৰ ইষ্টাৰ্ণ নভেল কমাণ্ডৰ মুখ্য কাৰ্যালয়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আনুষ্ঠানিকভাৱে পাৰমাণৱিক চালিত বেলিষ্টিক মিছাইল (এছ এছ বি এম) সম্পূৰ্ণ হৈছে আই এন এছ অৰিধমানৰ (INS Aridhaman) ‘কমিছনিং’।

ভাৰতীয় নৌসেনাই ২০১৬ চনত প্ৰথমখন পাৰমাণৱিকচালিত আৰু পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত ছাবমেৰিন আই এন এছ অৰিহন্ত লাভ কৰিছিল। ২০২৪ চনৰ আগষ্ট মাহত এই শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন আই এন এছ অৰিহন্তক কমিছন কৰা হৈছিল।
অৰিধমানক নৌসেনাত প্ৰৱেশৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছ’চিয়েল মিডিয়াত লিখিছে, “এয়া কোনো শব্দ নহয়, এয়া শক্তি, ‘অৰিধমান’!” উল্লেখ্য যে সংস্কৃত শব্দ অৰিধমানৰ অৰ্থ হৈছে ‘শত্ৰু ধ্বংসকাৰী’। তাৎপৰ্যপূৰ্ণভাৱে নৌসেনাই অৰিধমানক নিযুক্তি সন্দৰ্ভত কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই। ভাৰতীয় নৌসেনাত ইয়াক ‘S-4’ হিচাপে চিহ্নিত কৰা হৈছে।
৭,০০০ টন ওজনৰ এই পাৰমাণৱিক ছাবমেৰিনে এটা সময়ত ৩৫০০ কিলোমিটাৰ দূৰত্বৰ আঠটা কে-৪ বেলিষ্টিক মিছাইল বা ২৪টা ৭৬০ কিলোমিটাৰ দূৰত্বৰ কে-১৫ (সাগৰিকা) বেলিষ্টিক মিছাইল কঢ়িয়াই নিব পাৰে, যিটো এই শ্ৰেণীৰ আন দুখন ছাবমেৰিনৰ সংখ্যাৰ দুগুণ। চীন আৰু পাকিস্তানৰ পৰা অহা ভাবুকিৰ কথা মনত ৰাখি ভাৰতীয় নৌসেনাই নিৰন্তৰ শক্তি বৃদ্ধি কৰি আছে।
ইটোৰ পিছত সিটোকৈ অত্যাধুনিক যুদ্ধজাহাজ আৰু ছাবমেৰিন বাহিনীটোৰ বহৰত সংযোজন কৰা হৈছে। আই এ এছ অৰিধমানক ‘প্ৰকল্প ৭৫(১)’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ‘প্ৰজেক্ট ৭৬’ৰ অধীনত নৌসেনাত আৰু ১২খন ছাবমেৰিন সংযোজন কৰা হ’ব।











