
এ-১০ যুঁজাৰু বিমানৰ নিৰুদ্দেশ হোৱা পাইলটৰ সন্ধানত বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকা (Iran War) । বিগত ২৪ ঘণ্টাত পশ্চিম এছিয়াত বাৰে বাৰে গুলীচালনাৰ সন্মুখীন হৈছে আমেৰিকান বাহিনী। সূত্ৰ অনুসৰি, নিৰুদ্দেশ হোৱা পাইলটজনক বিচাৰি উলিয়াবলৈ আমেৰিকাই এই অনুসন্ধান অভিযানত দুখন ‘ব্লেক হক’ হেলিকপ্টাৰ নিয়োগ কৰিছিল।

ইৰাণৰ সেনাই তাৰ ওপৰত গুলীচালনা কৰে। কেনেবাকৈ পলায়ন কৰে আমেৰিকাৰ হেলিকপ্টাৰ দুখন। কিন্তু বিমানখনৰ পাইলটজনক এতিয়াও বিচাৰি পোৱা নাই।
ইৰাণ আৰু আমেৰিকাৰ বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত আমেৰিকাৰ দুখন যুদ্ধবিমান ধ্বংস হৈছে। দক্ষিণ-পশ্চিম ইৰাণত এখক গুলীয়াই ভূপতিত কৰা হৈছে। আনখন কুৱেইটৰ হৰমুজ প্ৰণালীৰ সমীপত ক্ষতিগ্ৰস্ত হয়। এই বিমান দুখনৰ পৰা দুজন পাইলট উদ্ধাৰ কৰা হৈছে যদিও এজন নিৰুদ্দেশ হৈছে।
উদ্ধাৰ অভিযান কিমানদূৰ আগবাঢ়িছে আৰু অনুসন্ধান অভিযান কেনেদৰে আগবাঢ়িছে সেই সন্দৰ্ভতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোনো মন্তব্য দিব বিচৰা নাই। তেওঁ কয় যে বিষয়টো স্পৰ্শকাতৰ। গতিকে কোনো কথা ৰাজহুৱাকৈ কোৱা উচিত নহয়।
আনহাতে, ইৰাণেও নিৰুদ্দেশ হোৱা আমেৰিকান পাইলটজনক বিচাৰি হাহাকাৰ কৰি আছে। দেশখনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে যদি ‘শত্ৰু’ দেশৰ পাইলটক জীৱিত অৱস্থাত ঘূৰাই আনিব পৰা যায়, তেন্তে ইয়াৰ বাবে পুৰস্কাৰ দিয়া হ’ব।
ৰয়টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে দক্ষিণ-পশ্চিম ইৰাণত আমেৰিকাৰ এফ-১৫ই যুদ্ধ বিমানখন ভূপতিত কৰা হৈছে। দুয়োখন দেশেই এই বিমানখনৰ ধ্বংসৰ কথা মানি লৈছে। ইয়াকে লৈ কুৱেইটত দ্বিতীয়টো আঘাতৰ সন্মুখীন হয় আমেৰিকা। তাত ইৰাণৰ আক্ৰমণত এ-১০ যুদ্ধ বিমান ধ্বংস হয়।
অৱশ্যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বেই পাইলটজন তাৰ পৰা নামিছিল। পশ্চিম এছিয়াত নিৰুদ্দেশ হোৱা পাইলটজনক বিচাৰিবলৈ প্ৰেৰণ কৰা হৈছিল দুখন ব্লেক হক হেলিকপ্টাৰ। ইৰাণৰ সেনাই তাৰ ওপৰত গুলীচালনা কৰাৰ ফলত হেলিকপ্টাৰসমূহ দ্ৰুতগতিত পিছুৱাই যাবলৈ বাধ্য হয় আৰু অনুসন্ধান সম্ভৱ নহ’ল।
হেলিকপ্টাৰত থকা লোকসকল কিমান গুৰুতৰভাৱে আহত হৈছিল সেয়া স্পষ্ট হোৱা নাই। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এফ-১৫-ই বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলটোক ঘেৰি ধৰিছে। যিকোনো মূল্যৰ বিনিময়ত আমেৰিকান পাইলটজনক জীৱিত অৱস্থাত বন্দী কৰিবলৈ তেওঁলোকে ব্যগ্ৰ হৈছে।
ইয়াৰ মাজতে ট্ৰাম্প আৰু তেওঁৰ বিষয়াসকলে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁলোক পশ্চিম এছিয়াৰ যুদ্ধত চালকৰ আসনত আছে। পৰিস্থিতি আমেৰিকাৰ নিয়ন্ত্ৰণত আছে। ট্ৰাম্পে এই যুদ্ধৰ অন্ত পৰিব বুলিও দাবী কৰে। তেওঁ কয় যে আমেৰিকাৰ যুদ্ধ বিমানখন ধ্বংস কৰাৰ ফলত শান্তি আলোচনাত কোনো প্ৰভাৱ নপৰে। কিন্তু একাংশ পৰ্যবেক্ষকৰ মতে প্ৰকৃত পৰিস্থিতি বেলেগ।
পাকিস্তানত আমেৰিকাৰ সৈতে শান্তি আলোচনাত বহিবলৈ দিয়া অনুৰোধ ইৰাণে নাকচ কৰিছে। ফলত আলোচনাৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। এই পৰ্যন্ত পশ্চিম এছিয়াৰ যুদ্ধত ১৩ জন আমেৰিকান জোৱানৰ মৃত্যু হৈছে। ৩০০ৰো অধিক জোৱান আহত হৈছে। বহুতে বিশ্বাস কৰে যে যদিও ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰিছিল, কিন্তু পৰিস্থিতি এতিয়া তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।










