
এজন অচিনাক্ত লোকে পানী খাব বিচাৰি এঘৰ লোকৰ ঘৰত প্ৰৱেশ কৰি গৃহিণীগৰাকীক ধৰ্ষণ (Women Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই সময়ত মহিলাগৰাকী ঘৰত অকলে আছিল। অভিযুক্তই জোৰকৈ ঘৰৰ ভিতৰলৈ সোমাই গৈ মহিলাগৰাকীৰ ডিঙিত ছুৰী লগাই পিঠিৰ পিছফালে হাত বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ।
তেলেংগানাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হয় বিয়লি ৩.৩০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত। প্ৰাথমিক তদন্তৰ সময়ত এজন লোকে মহিলাগৰাকীক পানী খাবলৈ বিচৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, তেওঁ তাক পানী দিয়াৰ সময়তে মহিলাগৰাকীক ঠেলি ঘৰৰ ভিতৰলৈ সোমাই গৈ ধৰ্ষণ কৰে। মহিলাগৰাকী চৰকাৰী কৰ্মচাৰী। তেওঁৰ ঘৰ পালানাডু জিলাৰ মাচেৰলা চহৰত। তেওঁৰ ভতিজাক মহিলাগৰাকীৰ লগত থাকে। বুধবাৰে তেওঁ পিতৃ-মাতৃক লগ কৰিবলৈ গৈছিল। ঘৰত অকলে আছিল চৰকাৰী কৰ্মচাৰীগৰাকী।
ইফালে আৰক্ষীয়ে জানিব পাৰিছে যে যেতিয়া মহিলাগৰাকীয়ে অভিযুক্তক তেওঁ এইচ আই ভি পজিটিভ বুলি কয়, তেতিয়া তেওঁৰ যৌনাংগত লোহাৰ ৰড সুমুৱাই দিয়ে। ইয়াৰ পিছত তেওঁ পলায়ন কৰে।
পৰৱৰ্তী সময়ত ভতিজাকে ফোন কৰি মহিলাগৰাকীৰ পৰা কোনো সঁহাৰি নোপোৱাত তেওঁ বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াক ফোন কৰি বিষয়টো জনায়। তাৰ পাছত চুবুৰীয়াই মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁক অচেতন অৱস্থাত পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। আৰক্ষীয়ে চাৰিটা বিশেষ দল গঠন কৰি অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে।









