
আফগানিস্তানত পুনৰ ভূমিকম্প (Afganistan Earthquake) । শুকুৰবাৰে নিশা প্ৰায় ৯.৫০ বজাত আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। যদিও ভূমিকম্পৰ কেন্দ্ৰবিন্দু আফগানিস্তানত আছিল, তথাপিও উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ কঁপনি অনুভূত হয়।

জানিব পৰা মতে, ভূমিকম্পৰ উৎস আফগানিস্তানৰ বদাখছান প্ৰদেশ। পাকিস্তান-তাজিকিস্তান সীমান্তৰ সমীপৰ হিন্দুকুশ অঞ্চলত অৱস্থিত। ভূ-পৃষ্ঠৰ পৰা ১৫০ কিলোমিটাৰ তলত আছিল এই উৎস। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ভূমিকম্পৰ ফলত এই পৰ্যন্ত ৮ জন লোকৰ মৃত্যু হৈছে।
ভাৰতৰ এক বিস্তৃত অঞ্চলতো এই কঁপনি অনুভৱ কৰা হয়। দিল্লী-এনচিআৰৰ বিভিন্ন ঠাই কঁপি উঠে। ইয়াৰ উপৰি চণ্ডীগড়, লুধিয়ানা, পুঞ্চ, শ্ৰীনগৰ, উধমপুৰ, ডেৰাডুনকে ধৰি বিভিন্ন চহৰৰ পৰা কম্পনৰ খবৰ পোৱা গৈছে। ছচিয়েল মিডিয়াত বহু লোকে এই কঁপনি সন্দৰ্ভত পোষ্ট কৰিছে।
বিগত সময়ত আফগানিস্তানক বাৰে বাৰে জোকাৰি গৈছে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ধাৰাবাহিকভাৱে ভূমিকম্পই আফগানিস্তানৰ বিশাল অঞ্চল বিধ্বস্ত কৰিছিল। ইয়াৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৬.৩। দুহেজাৰৰো অধিক লোকৰ মৃত্যু। আহত হয় তিনি হাজাৰ লোক। অক্টোবৰ মাহতো ভূমিকম্পই কঁপাইছিল আফগানিস্তান।











