
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)য়ে পশ্চিম এছিয়াৰ যুদ্ধ (West Asia war) পৰিস্থিতি সন্দৰ্ভত সংসদক সম্বোধন কৰি দেশবাসীক দেশত ইন্ধন (LPG) আৰু সাৰ যোগানৰ বিষয়ে আশ্বাস দিয়ে। তেওঁ কয় যে ভাৰতত যাতে ইন্ধনৰ সংকট নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে তেওঁ কয় যে এল পি জি (ৰন্ধন গেছ) উৎপাদন বৃদ্ধি কৰা হৈছে। যুদ্ধ সংকট দীৰ্ঘম্যাদী হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ সহায়ো বিচাৰিলে। তেওঁ কয়, “সংকটৰ সন্মুখীন হ’লে সংসদ একত্ৰিত হোৱাটো বাঞ্ছনীয়।”
প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে স্বীকাৰ কৰে যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি চিন্তনীয়। ভাৰতৰ শক্তি আমদানিৰ ক্ষেত্ৰত হৰমুজ প্ৰণালীৰ গুৰুত্ব অপৰিসীম বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, “হৰমুজ প্ৰণালী অৱৰোধ কৰা বা মালবাহী জাহাজ আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয়। কেন্দ্ৰই দেশত পেট্ৰ’ল, ডিজেল আৰু গেছৰ যোগান নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ চৰকাৰে চেষ্টা কৰিছে যাতে কোনো পৰিয়ালে পেট্ৰ’ল, ডিজেল আৰু গেছৰ সংকটত ভুগিব নালাগে। একে সময়তে তেওঁ লগতে কয়, “ভাৰতে ইয়াৰ প্ৰয়োজনীয় গেছৰ ৬০ শতাংশ আন দেশৰ পৰা ক্ৰয় কৰে। আমি আমাৰ দেশত এল পি জিৰ উৎপাদনো বৃদ্ধি কৰিছোঁ।”
প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১১ বছৰত ভাৰতে তেল আমদানিৰ বৈচিত্ৰ্য বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে নতুন দিল্লীয়ে ২৭ খন দেশৰ পৰা ইন্ধন আমদানি কৰিছিল। মোদীয়ে কয় যে এতিয়া ৪১ খন দেশৰ পৰা ইন্ধন আমদানি কৰা হয়।










