
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে। বিশেষকৈ কংগ্ৰেছৰ পৰা শাসকীয় বিজেপি দললৈ গমন পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান (Joining BJP) কৰাৰ পিছত এইবাৰ পুনৰ গেৰুৱা বসন পিন্ধিব ওলাইছে কংগ্ৰেছৰ বিধায়কে (Congress MLA)। বৃহস্পতিবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ৩ বিধায়ক (3 MLAs will join) ক্ৰমে কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে। বৰপেটাৰ দৌল উৎসৱত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে বিগত দিনৰ পৰায়ে কংগ্ৰেছৰ এই ৩ বিধায়কে দলৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ বিপৰীতে বিজেপিত যোগদানৰ তীব্ৰ চর্চা চলি আছিল। এতিয়া সেই জল্পনা-কল্পনাৰ অৱসান ঘটাই বৃস্পতিবাৰে বিজেপিত যোগদান কৰিব কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ,মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। আটাইকেইগৰাকীয়েই কংগ্ৰেছত থাকিও বিজেপিক মুকলি সমৰ্থন জনাই আহিছিল।












