ASSAM TIMES POST
নিউজ ডেস্ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰাজ্যিক সমন্বয়কৰ দায়িত্বভাৰ গ্ৰহন কৰিয়েই ইটোৰ পিছত সিটোৰ নতুন নিৰ্দেশনা নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ৷ শুক্ৰবাৰে সমন্বয়ক শৰ্মা স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনাত উল্লেখ আছে ,”২০১৯ৰ ৩১আগষ্টত প্ৰকাশ হোৱা NRCত কিছু অযোগ্য (Ineligible Persons) লোকৰ নাম অন্তৰ্ভুক্ত হোৱা দৃষ্টিগোচৰ হৈছে৷” ইয়াৰ উপৰিও তেওঁৰ স্বাক্ষৰিত পত্ৰখনত উল্লেখ আছে “NRCত অন্তৰ্ভুক্ত নহ’বলগীয়া তেনে লোকৰ তালিকা আপোনালোকে ইতিমধ্যে আমাক দিছে৷ আপোনালোকে দিয়া সেই তালিকাখনত থকা সন্দেহযুক্ত লোকসকলৰ সম্পূৰ্ণ তথ্য প্ৰদানৰ অনুৰোধ জনোৱা হ’ল৷ কিয়নো সেইসকল লোকৰ নাম কিদৰে NRCত সোমাল সেয়া ৰহস্যজনক৷”
সেই বিষয়টোৰে আতধৰি সমন্বয়ক শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তক বিষয়টো গুৰত্ব সহকাৰে লৈ অতি শীঘ্ৰে তথ্য প্ৰদান কৰিবলৈ স্পষ্ট নিৰ্দেশ দিছে ৷ উল্লেখ্যযে জিলা উপাযুক্ত সকলৰ পৰা যি সমূহ তথ্য ৰাজ্যিক সমন্বয়কে লাভ কৰিব সেই তথ্য সমূহ ভাৰতৰ মহাপঞ্জীয়কক অৱগত কৰাব ৷
গুৰুত্বপূৰ্ন কথা এয়ে যে প্ৰকাশিত এনআৰচিক লৈ সন্তুষ্ট নাছিল শাসকীয় বিজেপি ৷ অসম বিধান সভাৰ মজিয়াত বিষয়তোৱে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰকাশিত এনআৰচিত লাখ লাখ অবৈধ বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি দাৱী কৰি আহিছে ৷ তাৰ মাজতে সমন্বয়ক গৰাকীৰ পত্ৰই এক আলোড়ন সৃষ্টি কৰিছে সচেতন মহলত ৷ বহুতেই সমন্বয়ক গৰাকীৰ এই নিৰ্দেশনাটোৱে বিদেশী মুক্ত এনআৰচিৰ ক্ষেত্ৰত এটা সবল খোজ দিয়া বুলিও অভিহিত কৰিব বিচাৰিছে ৷