
এক কৰুণ ঘটনা। ভইচ অব দ্য পিপ’ল পাৰ্টীৰ (ভি পি পি) নেতা তথা মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিৰ সাসংদ ৰিকি এ জে ছিংকনৰ অকাল মৃত্যু। বৃহস্পতিবাৰে ফুটবল খেলি থকা সময়ত হঠাৎ অসুস্থ হৈ পৰিছিল সাংসদ ছিংকন।

লগে লগে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। এগৰাকী যুৱ সৰবৰহী ৰাজনীতিকৰ মৃত্যুৰ খবৰে মেঘালয়ৰ লগতে দেশজুৰি শোকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে বৃহস্পতিবাৰে বন্ধুৰ সৈতে মাওলাই মাউয়ঙৰ এখন খেলপথাৰত ফুটবল খেলি থকাৰ সময়তে তেওঁ খেলপথাৰত ঢলি পৰাত লগে লগে নিকটৱৰ্টী মাউয়ং চি এইচ চিলৈ যোৱা হয়। কিন্তু তাত চিকিৎসকৰ অনুপস্থিতিৰ বাবে জয়াওৰ ডাঃ এইচ গৰ্ডন ৰবাৰ্টছ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, তাত চিকিৎসকৰ দলে অশেষ চেষ্টা কৰে যদিও নিশা প্ৰায় ৮.৪২ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।
তেওঁৰ অকাল মৃত্যুত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছং, ভি পি পিৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বাছাইয়াৱম’ইটৰ লগতে বিধায়ক, জ্যেষ্ঠ নেতা, দলৰ কৰ্মীসকল হাস্পতালত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মেঘালয়ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা নিষ্ঠাৱান সেৱাৰ বাবে আমাৰ মাজত ছিংকন স্মৰণীয় হৈ থাকিব।
উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভি পি পি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ছিংকনে ৩ বাৰৰ কংগ্ৰেছ সাংসদ ভিনচেণ্ট এইচ পালাক ৩৭ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰাজনীতিত আত্মপ্ৰকাশ কৰে।












