
কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটক কংগ্ৰেছৰ বিধায়ক চুব্বা ৰেড্ডীৰ (Subba Reddy) নিৰ্বাচনী শপতনামাত ইচ্ছাকৃতভাৱে ভুল তথ্য দিয়াৰ বাবে তেওঁৰ বিধায়ক নিৰ্বাচন বাতিল কৰিছে।

নিৰ্বাচনী শপতনামাত অনিয়ম হোৱা বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে নিৰ্বাচনক অবৈধ ঘোষণা কৰিছে। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত চিক্কাবল্লাৰপুৰ জিলাৰ বাগেপল্লী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী চি মুনাৰাজুক প্ৰায় ২০ হাজাৰ ভোটত পৰাস্ত কৰিছিল চুব্বাই।
ইয়াৰ পূৰ্বে ২০১৩ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু ২০১৮ চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে একেটা সমষ্টিৰ পৰাই জয়ী হৈছিল। তাৰ পিছত মুনাৰাজুৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যে চুব্বাই ‘সম্পত্তি আৰু দায়বদ্ধতা’ সন্দৰ্ভত ভুৱা তথ্য দিছিল।
সোমবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম জি এছ কমলৰ নেতৃত্বত এখন বিচাৰপীঠে ৰায় দিয়ে যে চুব্বাই মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত ভুৱা আৰু অসম্পূৰ্ণ তথ্য দিছে। ইয়াৰ দ্বাৰা সম্পত্তি আৰু দায়বদ্ধতা লুকুৱাই ৰখাৰ অভিযোগ প্ৰমাণিত হয়। শপতনামাত থকা ভুৱা তথ্যই নিৰ্বাচনী নিয়ম উলংঘা কৰা বুলি উল্লেখ কৰি ন্যায়াধীশ কমলে ২০২৩ চনৰ বাগেপল্লী বিধানসভা সমষ্টিৰ নিৰ্বাচন বাতিল কৰাৰ ৰায় দিয়ে।
ফলত চুব্বাক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰা হ’ব আৰু উক্ত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পাব পাৰে বুলি বহুতে মত প্ৰকাশ কৰিছে।










