উদ্ভাষিত হৈছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি
ASSAM TIMES POST
হাওৰাঘাটঃ বিদ্যা ভাৰতীৰ অধীনস্থ আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত হাওৰাঘাট শঙ্কৰদেৱ বিদ্যা নিকেতনৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি বিদ্যালয় প্ৰাংগণত এক বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হয়।
পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ হাজৰিকাই। পৰৱৰ্তী সময়ত হাওৰাঘাট নগৰৰ মাজেদি উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ সন্দিকৈয়ে এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই শোভাযাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভাৰতীয় সংস্কৃতি উদ্ভাষিত হয়।
পৰৱৰ্তী সময়ত প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশীয়ে লগতে নিকেতনৰ প্ৰাচীৰ পত্ৰিকা ‘কিশলয়’ৰ দ্বাদশ সংখ্যাটি উন্মোচন কৰে শিক্ষাবিদ ললিত চন্দ হাজৰিকাই।
ইপিনে দুপৰীয়া নিকেতন প্ৰাংগণত অনুষ্ঠিত হয় মুকলি সভা। নিকেতনৰ ছাত্ৰী মহিশ্ৰী চন্দ আৰু জিজ্ঞাসা বৰাই আঁত ধৰা সভাখনত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। সভাত ভৱেশ ৰাজবংশী, ললিত চন্দ্ৰ হাজৰিকা, ভৱেন বসুমতাৰী, ৰুবী গগৈ প্ৰমূখ্যে বহুকেইজন ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
এই অনুষ্ঠানৰ মাজতে ঘোষণা কৰা হয় নিকেতনৰ ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ নাম। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰিয়া চন্দক নিম্ন মাধ্যমিক স্তৰত আৰু নৱম শ্ৰেণীৰ সুফল বসুমতাৰী আৰু পৰিণিতা মেধিক উচ্চ মাধ্যমিক স্তৰত যুটীয়াভাৱে এই বঁটা প্ৰদান কৰা হয়।
আনহাতে অনুষ্ঠানৰ মাজে-মাজে নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা গীত-নৃত্যই সকলোকে আপ্লুত কৰে।












