ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে মণিপুৰত পুনৰ প্ৰতিবাদৰ জুই

নিউজ ডেস্কঃ

News Desk by News Desk
February 5, 2026
Reading Time: 1 min read
A A
0
Manipur violence : নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে মণিপুৰত পুনৰ প্ৰতিবাদৰ জুই

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

New Logo Smal | ASSAM TIMES POST

“তেজ লাগি আছে তোমাৰ হাতত, দেশদ্ৰোহী নেমচা কিপগেন”– এই শ্লোগানে কুকি-জো সম্প্ৰদায়ৰ এটা শ্ৰেণীক আলোড়িত কৰিছে। নেমচা কিপগেনে মণিপুৰ (Manipur)ৰ উপ-মুখ্যমন্ত্ৰী (Dy Chief Minister) হিচাপে শপত গ্ৰহণ কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে দিল্লীলৈ বিয়পি পৰে প্ৰতিবাদ। এই শ্লোগানে তেওঁৰ নিজৰ সমাজৰ ভিতৰতে গঢ় লৈ উঠা গভীৰ ক্ষোভ আৰু বিশ্বাসঘাতকতাৰ ভাবৰ স্পষ্ট ইংগিত দিয়ে।

ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত প্ৰায় এবছৰৰ অন্তত অৱশেষত পুনৰ নিৰ্বাচিত চৰকাৰলৈ ঘূৰি আহিছে মণিপুৰ। ইম্ফলত নতুন মুখ্যমন্ত্ৰী (New CM) হিচাপে বুধবাৰে দায়িত্ব গ্ৰহণ কৰে যুমনাম খেমচান্দ সিঙে (Yumnam Khemchand Singh)। কিন্তু চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভণিৰে পৰাই বিতৰ্কই আগুৰি ধৰিছে। যদিও বিজেপিয়ে নতুন মন্ত্ৰীসভাত কুকি-জো সম্প্ৰদায়ৰ একাংশ বিধায়কক অন্তৰ্ভুক্তিৰ বাৰ্তা প্ৰেৰণৰ বাবে স্থান দিছে, তথাপিও বহু কুকি-জো লোকৰ বাবে এই সিদ্ধান্তই পুৰণি ঘা ভাল কৰাৰ পৰিৱৰ্তে কেৱল বহলহে কৰিছে।

বুধবাৰে প্ৰায় ৫০ জন কুকি-জো লোকে দিল্লীৰ মণিপুৰ ভৱনৰ সন্মুখত সমবেত হৈ নেমচা কিপগেনৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায়। নেমচাই কুকি-জো জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱা চৰকাৰৰ ব্যৰ্থতাক বৈধতা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

মণিপুৰৰ লোকভৱনত খেমচান্দ সিঙে মুখ্যমন্ত্ৰী আৰু নগা পিপ’লছ ফ্ৰণ্টৰ বিধায়ক লোছি দিখো উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে দিল্লীৰ মণিপুৰ ভৱনত নেমচা কিপগেনে শপত গ্ৰহণ কৰে। ইম্ফল উপত্যকালৈ যাব নোৱাৰাৰ প্ৰতি লক্ষ্য ৰাখি বহুতে এই সিদ্ধান্তক প্ৰতীকীভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে, য’ত এতিয়াও কুকি-জো লোকসকলৰ বাবে যোৱাটো কাৰ্যতঃ অসম্ভৱ।

manipur1 | ASSAM TIMES POST
নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে মণিপুৰত পুনৰ প্ৰতিবাদৰ জুই

প্ৰতিবাদস্থলীত থিয় হৈ থকা কুকি-জো মহিলা হ’ইনুৱে কয়, “আমাৰ মানুহক হত্যা কৰা হৈছে, আমাৰ ঘৰ জ্বলাই দিয়া হৈছে, আমাৰ সমগ্ৰ প্ৰজন্ম ধ্বংস হৈছে। এনে পৰিস্থিতিত তেওঁ আমাক কেনেকৈ বিশ্বাসঘাতকতা কৰিব? কুকি সম্প্ৰদায়ৰ নেতা হিচাপে তেওঁ অকলে এই সিদ্ধান্ত ল’ব নোৱাৰে। আমাৰ পৰামৰ্শ নোলোৱাকৈ তেওঁ এই চৰকাৰত যোগদান কৰিব নোৱাৰে। আমি মেইটেইৰ সৈতে একেলগে থাকিব নোৱাৰো, আমাৰ বাবে একেলগে থকা মানে মৃত্যু।”

এসময়ত হ’ইনুৱে ইম্ফলত বাস কৰিছিল যদিও ২০২৩ চনৰ মে’ মাহত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত তেওঁ নিজৰ ঘৰলৈ উভতি অহা নাই। প্ৰায় ৩৩ মাহ ধৰি মেইটেই আৰু কুকি-জো সম্প্ৰদায়টো কাৰ্যতঃ বিচ্ছিন্ন হৈ আছে, ইম্ফল উপত্যকা আৰু পাহাৰীয়া অঞ্চলৰ মাজত কঠোৰ নিৰাপত্তাৰক্ষীৰ ঘেৰাও স্থাপন কৰা হৈছে।

কুকি ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ (এনচিআৰ) সভাপতি টিংবেমে দ্য ৱায়াৰক কয়, “আমাৰ মানুহক হত্যা কৰা হৈছে, আমাৰ ঘৰ জ্বলাই দিয়া হৈছে, আমাৰ সমগ্ৰ প্ৰজন্ম ধ্বংস হৈছে। এনে পৰিস্থিতিত তেওঁ আমাক কেনেকৈ বিশ্বাসঘাতকতা কৰিব? কুকি সম্প্ৰদায়ৰ নেতা হিচাপে তেওঁ অকলে এই সিদ্ধান্ত ল’ব নোৱাৰে। আমাৰ লগত পৰামৰ্শ নোলোৱাকৈ তেওঁ এই চৰকাৰত যোগদান কৰিব নোৱাৰে। আমি মেইটেইৰ সৈতে একেলগে থাকিব নোৱাৰো, একেলগে থকাটোৱেই আমাৰ বাবে মৃত্যু।”

মণিপুৰত চৰকাৰ গঠনৰ পূৰ্বে মঙলবাৰে বিজেপি আৰু এন ডি এৰ সকলো বিধায়কক দিল্লীলৈ মাতি অনা হয়। কুকি-জোৰ বিধায়কসকলৰ সৈতেও কেন্দ্ৰৰ সুকীয়া বৈঠক অনুষ্ঠিত হয়। ৬০ জনীয়া বিধানসভাত ১০ জন কুকি-জো বিধায়ক। ইয়াৰে পাঁচজনে সভাত অংশ লৈছিল। বিজেপিৰ ৭ জন কুকি-জো বিধায়কৰ ভিতৰত নেমচা কিপগেনৰ উপৰি এল এম খাউটে আৰু ঙুৰছাংলু সনাতেও নতুন চৰকাৰক সমৰ্থন আগবঢ়াইছে।

শপত লোৱাৰ পূৰ্বে কুকি-জো নেতৃত্বই তেওঁলোকক ‘গুৱাহাটী ঘোষণা’ৰ কথা সোঁৱৰাই দিছিল। ঘোষণাত উল্লেখ কৰা হৈছিল যে পাহাৰীয়া অঞ্চলটোৰ বাবে এটা সুকীয়া প্ৰশাসন— এটা বিধানসভা থকা কেন্দ্ৰীয়শাসিত অঞ্চল গ্ৰহণ নোহোৱালৈকে কোনো জনপ্ৰিয় চৰকাৰ গঠন নহ’ব। কুকি-জো পৰিষদৰ নেত্ৰী গিঞ্জা ভূৱালজাঙে স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্তৰ ওপৰত পিছুৱাই যোৱাৰ যিকোনো পদক্ষেপ বিশুদ্ধ ব্যক্তিগত হ’ব।

বুধবাৰে সন্ধিয়া মণিপুৰ ভৱনৰ বাহিৰত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে নেমচা কিপগেনক ওলাই আহি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাৰে বাৰে দাবী উত্থাপন কৰে। অৱশ্যে কোনো বৈঠকৰ অনুমতি নিদিলে কৰ্তৃপক্ষই। অৱশেষত প্ৰতিবাদকাৰীসকলে নেমচাৰ ছবি থকা পোষ্টাৰত জুই লগাই দিয়ে। দিল্লী আৰক্ষীয়ে হস্তক্ষেপ কৰি প্ৰতিবাদকাৰীক আঁতৰাই পেলায় আৰু কোনো আলোচনা নকৰাকৈয়ে প্ৰতিবাদৰ অন্ত পৰে।

মুঠৰ ওপৰত কুকি-জো প্ৰতিবাদে পুনৰবাৰ উজ্জ্বল কৰি তুলিছে মণিপুৰত গভীৰভাৱে শিপাই থকা জাতিগত বিভাজন আৰু ঘা, আনকি নতুন চৰকাৰ গঠনৰ পিছতো।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manipurprotest
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d