
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত মহাত্মা গান্ধীৰ (Mahatma Gandhi) প্ৰতিমূৰ্তি ভাঙি-ছিঙি অৱমাননা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে অষ্ট্ৰেলিয়া কৰ্তৃপক্ষক দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰে। তেওঁ লিখিছে, “মেলব’ৰ্ণত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। আমি বিষয়টো অষ্ট্ৰেলিয়া প্ৰশাসনক জনাইছোঁ। প্ৰতিমূৰ্তিটো উদ্ধাৰৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও অনুৰোধ জনাইছোঁ।”
জানিব পৰা মতে মেলব’ৰ্ণৰ ৰ’ভিলত থকা অষ্ট্ৰেলিয়ান ইণ্ডিয়ান কমিউনিটী চেণ্টাৰৰ সন্মুখত মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো আছিল। ১২ জানুৱাৰীত অচিনাক্ত দুষ্কৃতিকাৰীয়ে চুৰি কৰে গান্ধীৰ প্ৰতিমূৰ্তিটো। অভিযোগ অনুসৰি, চুৰিৰ সময়ত প্ৰতিমূৰ্তিটোৰ ভৰিৰ ওপৰৰ অংশ কাটি পেলোৱা হয়। কেৱল ব্ৰঞ্জৰ মূৰ্তিটোৰ ভৰি দুখনহে বাকী আছে।
উল্লেখ্য যে ২০২১ চনৰ ১২ নৱেম্বৰত তদানীন্তন অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এই মূৰ্তিটো উন্মোচন কৰিছিল।
ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল। ঘটনাৰ পিছত গুজৰাটতো নাথুৰাম গডছেৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে।










