
সোমবাৰৰ পিছত পুনৰ মঙলবাৰেও ২০২০ চনত লাডাখ (Ladakh)ত চীনৰ আগ্ৰাসন (China’s aggression)ৰ বিষয়টোক লৈ পুনৰ সংসদ উত্তাল হৈ পৰে। মঙলবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi)ৰ ভাষণত বাধা দিয়াৰ অভিযোগ উত্থাপন হয় লোকসভাৰ অধ্যক্ষ আৰু বিজেপিৰ সাংসদসকলৰ বিৰুদ্ধে। ইয়াৰ বাবেই লোকসভাৰ ভিতৰতে কংগ্ৰেছকে ধৰি বিৰোধী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অসদাচৰণ আৰু কাগজ নিক্ষেপ কৰাৰ বাবে নিলম্বন হ’বলগীয়া হয় ৮ গৰাকী কংগ্ৰেছৰ সাংসদ। চলিত বাজেট অধিবেশনৰ দ্বিতীয়দিনা ৰাহুলে লাডাখৰ বিষয়টো উত্থাপন কৰে। সোমবাৰৰ দৰেই আজিও বিৰোধী দলপতিগৰাকীয়ে দাবী কৰে যে ২০২০ চনৰ গালৱান কাণ্ডৰ আগৰে পৰা ভাৰতে চীনৰ হাতত অবিৰতভাৱে মাটি হেৰুৱাই আহিছে। কিন্তু চৰকাৰ নিমাত। নিজৰ কথা প্ৰমাণ কৰিবলৈ তেওঁ পুনৰ প্ৰাক্তন সেনাপ্ৰধান এম এম নৰৱাণেৰ অপ্ৰকাশিত জীৱনীৰ এটা অংশ উদ্ধৃতি দিবলৈ চেষ্টা কৰে।
ঠিক তেতিয়াই বিজেপিৰ সাংসদসকলে হুলস্থুল আৰম্ভ কৰে। গেৰুৱা শিবিৰ আৰু লোকসভাৰ অধ্যক্ষই ৰাহুল গান্ধীৰ ভাষণ আধাতে বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছতে কংগ্ৰেছকে ধৰি বিৰোধী সাংসদসকলৰ ক্ষোভৰ সূত্ৰপাত ঘটে। ইয়াৰ পাছতে হিবি ইডেন, অমৰিন্দৰ ৰাজা ৱাৰিং, মণিকম ঠাকুৰকে ধৰি আঠজন কংগ্ৰেছৰ সাংসদক নিলম্বন কৰা হয়।

বহিষ্কৃতসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল যে তেওঁলোকে অধ্যক্ষৰ ওপৰত কাগজ নিক্ষেপ কৰিছিল। বহিষ্কৃত কংগ্ৰেছৰ সাংসদ অমৰিন্দৰ ৰাজা ৱাৰিঙে কয়, “ৰাহুল গান্ধীক কথা ক’বলৈ দিয়া হোৱা নাছিল। ভাষণৰ সময়ত তেওঁক বাধা দিয়া হৈছিল। তেওঁ নথিখন পৰীক্ষা কৰি সংসদত দাখিল কৰিছিল। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ। এইটো অপৰাধ নেকি?”
আনহাতে, বিজেপি সাংসদ অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীক ‘গণতন্ত্ৰ আৰু সংসদক অপমান কৰা’ বুলি তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “ৰাহুল গান্ধীৰ এটাই লক্ষ্য আছিল, ভাৰতীয় সেনাক অপমান কৰা। এতিয়া কংগ্ৰেছৰ বাবে এইটোৱেই একমাত্ৰ এজেণ্ডা বাকী আছে। এখন অতি ভাল বাজেট দাখিল কৰাৰ পিছত (দেওবাৰে) বিৰোধীৰ আৰু ক’বলগীয়া একো নাছিল। আৰু সেয়েহে তেওঁলোকে কাগজৰ টুকুৰা ফালি অধ্যক্ষৰ ফালে দলিয়াই দিয়ে।” অনুৰাগ ঠাকুৰে লগতে কয়, “ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য কি হ’ব পাৰে? যিজন ব্যক্তিয়ে নাজানে যে কথা ক’বলৈ অধ্যক্ষৰ পৰা অনুমতি ল’ব লাগে… অহংকাৰ চাওক। এয়া এটা দল আৰু এটা পৰিয়ালৰ অহংকাৰ। এয়া ক্ষমতাৰ অহংকাৰ।”










