
ইউক্ৰেইন (Ukraine)ৰ ওপৰত সোমবাৰে গোটেই নিশা আক্ৰমণ (Night attack) চলায় ৰাছিয়া (Russia)ই। কিয়েভে দাবী কৰিছে যে ৰাছিয়ান বাহিনীয়ে দেশখনৰ শক্তি কেন্দ্ৰসমূহক লক্ষ্য কৰি লয়। কিয়েভৰ দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিসৌধৰ এটা অংশও এই আক্ৰমণত ক্ষতিগ্ৰস্ত হয়।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ এক্স হেণ্ডেলত কয় যে ৰাছিয়াই বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰে। কেৱল বেলিষ্টিক ক্ষেপণাস্ত্ৰই নহয়, আন আন ক্ষেপণাস্ত্ৰও ব্যৱহাৰ কৰা হৈছে। মুঠ ৭০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। ইয়াৰ উপৰি ৪৫০ টা ড্ৰোনো আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়। মূলতঃ চুমি আৰু খাৰকিভ, নিপ্ৰ’, অডেছা আৰু ভিনিটছিয়া অঞ্চলত এই আক্ৰমণ সংঘটিত হয়।
জেলেনস্কিৰ মতে, “ৰাছিয়াৰ আক্ৰমণৰ লগে লগে উক্ত অঞ্চলসমূহত উদ্ধাৰকাৰ্য আৰম্ভ হৈছে। অৱশ্যে ৰাছিয়ান বাহিনীয়ে বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি দেশখনৰ শক্তি কেন্দ্ৰসমূহ আক্ৰমণ কৰিছে। ইয়াৰ উপৰি আৱাসিক অঞ্চলকো লক্ষ্য কৰি আক্ৰমণ চলাইছে। বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। বহুত আহত হৈছে। অঞ্চলসমূহৰ পৰা বাসিন্দাসকলক খালী কৰা হৈছে।”

ইউক্ৰেইনৰ সৰ্বনিম্ন উষ্ণতা বৰ্তমান মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছৰ তলত। এই সুযোগৰ ব্যৱহাৰ কৰি আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। তেওঁ কয়, “মস্কোৱে এতিয়া সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰিছে। গতিকে, তেওঁলোকক ৰোধ কৰিবলৈ আমি হেঁচা প্ৰয়োগ কৰিব লাগিব। আমাৰ বন্ধু দেশসমূহেও এই কথা বুজি পাইছে। সেয়েহে তেওঁলোকে আমাক বিভিন্ন ধৰণে সহায় কৰি আছে।”
দীৰ্ঘদিন ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। কিছু সময়ৰ বিৰতিৰ অন্তত ২০২২ চনৰ পৰা পুনৰ দুয়োখন দেশৰ মাজত যুদ্ধ চলিছে। এই যুদ্ধত দুয়োপক্ষই বহু ক্ষতিগ্ৰস্ত হৈছে। বহুতৰ মতে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ এইখনেই আটাইতকৈ ডাঙৰ আৰু দীঘলীয়া যুদ্ধ। ড’নাল্ড ট্ৰাম্পে আমেৰিকাত ক্ষমতালৈ অহাৰ পূৰ্বে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ কেইবাবাৰো জেলেনস্কি আৰু পুটিনৰ সৈতে সাক্ষাৎ কৰিছে। কিন্তু সফলতা পোৱা নাই।










