
উচ্চতম ন্যায়ালয়ে (Supreme Court) ধৰ্মান্তৰকৰণক ‘অতি গুৰুতৰ বিষয়’ বুলি চিনাক্ত কৰি পূৰ্বতেও কেইবাবাৰো কৈছিল যে কাৰোবাক অবৈধভাৱে ধৰ্মান্তৰিত কৰাটো অপৰাধ। সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বিভিন্ন ৰাজ্যৰ বৰ্তমানৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনসমূহৰ বৈধতা পুনৰীক্ষণ কৰিব।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে ‘ভাৰতত গীৰ্জা ৰাষ্ট্ৰীয় পৰিষদ’ৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে।
আদালতৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ডকে ধৰি অন্যান্য ৰাজ্যৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনক প্ৰত্যাহ্বান জনাই একেধৰণৰ কেইবাখনো আবেদন ইতিমধ্যে আদালতত দাখিল কৰা হৈছে। বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে ইয়াক তিনিজন ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।
ভাৰতীয় নেচনেল কাউন্সিল অব চাৰ্চছৰ আবেদনকাৰীৰ হৈ উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা মীনাকিষী অৰোৰাই কয় যে এই আইনসমূহে ব্যক্তিগত মৰ্যাদা আৰু ধৰ্মৰ স্বাধীনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰে। বিভিন্ন ৰাজ্যৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত প্ৰতি শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে।










